Author: Paromita

বিহাৰৰ লক্ষীচৰাইৰ অশোকধাম মন্দিৰত পদপিষ্ট হৈ ৭ ভক্তৰ কৰুণ মৃত্যু! আহত বহুতো

পবিত্ৰ শাওণ মাহৰ সোমবাৰে ভগৱান শিৱৰ আৰাধনা কৰিবলৈ ওলাই অহা ভক্তৰ সমাগম পৰিণত হ’ল এক হৃদয়বিদাৰক দুৰ্ঘটনাত। বিহাৰৰ লক্ষীচৰাই জিলাৰ প্ৰসিদ্ধ অশোকধাম মন্দিৰ চৌহদত পুৱাই সংঘটিত হ’ল এই অপ্ৰত্যাশিত পদপিষ্টৰ…

বিশেষভাৱে সক্ষম ব্যক্তিক লৈ কৰা মন্তব্য গোচৰঃ কমেডিয়ান সময় ৰাইনাসহ চাৰিজনৰ বিৰুদ্ধে ৰুজু হোৱা সকলো এজাহাৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

‘ইণ্ডিয়াছ গট লেটেণ্ট’ নামৰ শ্ব’টোত বিশেষভাৱে সক্ষম ব্যক্তিসকলক উদ্দেশ্যি কৰা অপমানসূচক আৰু অসংবেদনশীল মন্তব্যৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে আদালতে কমেডিয়ান সময় ৰাইনাৰ লগতে আন চাৰিগৰাকীৰ…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি পদক ঘোষণা: অসম আৰক্ষীৰ ১৫ গৰাকী বিষয়া-জোৱানলৈ সন্মান

দেশজুৰি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ মাজতে ঘোষণা কৰা হয় বিভিন্ন সেৱাৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰপতি পদকপ্ৰাপ্তসকলৰ নাম। সমগ্ৰ দেশৰ মুঠ ১০৫৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ সাহসিকতা আৰু…

অসম-অৰুণাচল সীমান্তৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিল্লীত দুই ৰাজ্যৰ সাংসদৰ জৰুৰী বৈঠক

আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত শেহতীয়াকৈ সৃষ্টি হোৱা অনাকাংক্ষিত সংঘাতৰ ফলত বৃদ্ধি পাইছে অসম-অৰুণাচলৰ মাজৰ উত্তেজনা। দুয়োখন ৰাজ্যৰ সীমান্তত অসমীয়া লোকক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে কেইবাটাও…

নগাঁও লোকসভা উপ-নিৰ্বাচনঃ কংগ্ৰেছৰ সৈতে মিত্ৰতা নুই কৰি এআইইউডিএফৰ প্ৰাৰ্থী ঘোষণা

আসন্ন উপ-নিৰ্বাচনৰ ৰণডংকা বাজি উঠাৰ সময়তে নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে এআইইউডিএফে। বৃহস্পতিবাৰে দলটোৱে ৰেজাউল কৰিম সৰকাৰক আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে কংগ্ৰেছৰ…

অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ গভীৰ সমবেদনা ভূটানৰ ৰজাৰ

অসমত অব্যাহত থকা ভয়াৱহ বানপানীৰ ফলত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰিছে ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়েল ৱাংচুকে। চলিত বানৰ ফলত ৰাজ্যখনত এতিয়ালৈকে ১০৩ গৰাকী লোকে প্ৰাণ…

উত্তৰাখণ্ডৰ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত ভয়ংকৰ দুৰ্যোগ! পানী আৰু আৱৰ্জনা সোমাই ৭ জন শ্ৰমিকৰ মৃত্যু, আহত ১৪

উত্তৰাখণ্ডৰ চামোলী জিলাত নিৰ্মাণৰত এটি জলবিদ্যুৎ প্ৰকল্পত হঠাতে সৃষ্টি হয় এক শোকাৱহ দুৰ্ঘটনা। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭:০৫ বজাত প্ৰকল্পটোৰ সুৰংগৰ ভিতৰত প্ৰৱল বেগেৰে পাহাৰীয়া ঢল আৰু আৱৰ্জনা সোমাই পৰাৰ ফলত…

খেলি থকাৰ সময়তে গাৰ ওপৰত বাগৰি পৰিল ঘৰৰ কেঁচা বেৰ! গুজৰাটত মৃত্যু দুই কণমানিৰ

খেলি থকা দুই কণমানিৰ ওপৰত হঠাতে বাগৰি পৰিল ঘৰৰ বেৰ! গুজৰাটৰ মহীসাগৰ জিলাৰ বীৰপুৰৰ খাটা গাঁৱত বৃহস্পতিবাৰে পুৱা সংঘটিত এই ঘটনাত তিনি বছৰীয়া এগৰাকী কন্যা আৰু দুই বছৰীয়া এটি শিশুৰ…

জ্ঞানপীঠ বিজয়ী মামণি ৰয়চম গোস্বামীৰ সাহিত্য গৱেষণা কেন্দ্ৰত চুৰিৰ চেষ্টা! খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ চোৰৰ

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰসিদ্ধ সাহিত্যিক প্ৰয়াত মামণি ৰয়চম গোস্বামীৰ গৱেষণা কেন্দ্ৰত নিশা সংঘটিত হয় চুৰিৰ চেষ্টা। সাহিত্যিকগৰাকীৰ ৰামায়ণী সাহিত্য গৱেষণা প্ৰতিষ্ঠানত খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ লগতে কেইবাটাও সামগ্ৰী লণ্ডভণ্ড…

মাৰ্কাটোলা ঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰেইলাৰৰ খুন্দাত নিহত মুম্বাইৰ বাইকাৰ ৰিদ্ধি থাক্কৰ

ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মুম্বাইৰ ২৪ বছৰীয়া বাইকাৰ তথা ইউটিউবাৰ ৰিদ্ধি থাক্কৰে। বুধবাৰে পুৱা ছত্তীশগড়ৰ বালোদ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩০ৰ মাৰ্কাটোলা ঘাটত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ৰিদ্ধিক চিকিৎসালয়ত মৃত…