ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মুম্বাইৰ ২৪ বছৰীয়া বাইকাৰ তথা ইউটিউবাৰ ৰিদ্ধি থাক্কৰে। বুধবাৰে পুৱা ছত্তীশগড়ৰ বালোদ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩০ৰ মাৰ্কাটোলা ঘাটত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ৰিদ্ধিক চিকিৎসালয়ত মৃত ঘোষণা কৰে চিকিৎসকে।

জানিব পৰা মতে, ২৩জনীয়া বাইকাৰৰ এটা দলে ৰায়পুৰৰ পৰা বস্তাৰৰ অভিমুখে যাত্ৰা কৰিছিল। ধমত্ৰীৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত মাৰ্কাটোলা ঘাটত দলটোৰ পৰা কিছু পিছত বাইকেৰে আহি থকা ৰিদ্ধিৰ বাইকখনক বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেইলাৰে খুন্দা মাৰে। খুন্দাৰ ফলত পথত বাগৰি পৰি গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকী।

দুৰ্ঘটনাৰ পিছতে সহযাত্ৰী বাইকাৰ আৰু স্থানীয় লোকৰ সহায়ত ৰিদ্ধিক চৰমা স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয়। প্ৰাথমিক চিকিৎসাৰ পিছত সংকটজনক অৱস্থাৰ বাবে তেওঁক ধমত্ৰী জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে পৰীক্ষা কৰি ৰিদ্ধিক মৃত ঘোষণা কৰে।

উল্লেখ্য যে, মুম্বাইৰ কান্দিভলি পশ্চিমৰ বাসিন্দা ৰিদ্ধিয়ে নিজৰ বাইকেৰে ৰায়পুৰত উপস্থিত হৈছিল। তাৰ পৰাই ২৩জনীয়া বাইকাৰ দলটোৰ সৈতে কাংকেৰৰ মাজেৰে বস্তাৰৰ অভিমুখে যাত্ৰা কৰিছিল। যাত্ৰাপথত দলটোৰ ১৭জন সদস্য আগুৱাই যোৱাৰ বিপৰীতে তিনিজন কিছু পিছত ৰৈ গৈছিল আৰু সেই সময়তে মাৰ্কাটোলা ঘাটত সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে, দুৰ্ঘটনাৰ পিছতে ট্ৰেইলাৰখনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে পুৰূৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ট্ৰেইলাৰখন আৰু চালকজনৰ সন্ধান চলাইছে। ৰিদ্ধিৰ পৰিয়ালকো ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে।

মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিছত ৰিদ্ধিৰ মৃতদেহ ৰায়পুৰলৈ নিয়া হ’ব। পৰিয়ালৰ লোক মুম্বাইৰ পৰা ৰায়পুৰলৈ ৰাওনা হৈছে আৰু পৰৱৰ্তী আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত মৃতদেহটো মুম্বাইলৈ নিয়া হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *