‘ইণ্ডিয়াছ গট লেটেণ্ট’ নামৰ শ্ব’টোত বিশেষভাৱে সক্ষম ব্যক্তিসকলক উদ্দেশ্যি কৰা অপমানসূচক আৰু অসংবেদনশীল মন্তব্যৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে আদালতে কমেডিয়ান সময় ৰাইনাৰ লগতে আন চাৰিগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ থকা সকলো ফৌজদাৰী এজাহাৰ খাৰিজ কৰে।

ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে। আদালতৰ পূৰ্বৰ নিৰ্দেশনা অনুসৰি বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সজাগতা আৰু সাহায্য পুঁজি সংগ্ৰহৰ বাবে ধন সংগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ তথ্য দাখিল কৰাৰ পিছতে সকাহ লাভ কৰে কমেডিয়ানসকলে। সময় ৰাইনাৰ উপৰি ৰেহাই পোৱা আন চাৰিগৰাকী অভিযুক্ত হ’ল বিপুল গোৱেল, বলৰাজ পৰমজিৎ সিং ঘাই, সোনালী ঠাক্কৰ আৰু নিশান্ত জগদীশ তানৱাৰ।

উক্ত কাৰ্যসূচীৰ জৰিয়তে প্ৰায় ৫৫ লাখ টকাৰ পুঁজি সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰি বিচাৰপীঠে কয়, “এয়া এক আন্তৰিক প্ৰচেষ্টা আৰু এনে প্ৰচেষ্টাই সদায় ইতিবাচক ফলাফল কঢ়িয়াই আনে। তেওঁলোক অতি প্ৰতিভাশালী যুৱ প্ৰজন্ম আৰু তেওঁলোকে সঠিক দিশত কাম কৰিলে ফলাফল সদায় ইতিবাচক হ’ব।”

অৱশ্যে অনলাইন মাধ্যমসমূহত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মৰ্যাদা সুৰক্ষিত ৰখা আৰু এনে সমল নিয়ন্ত্ৰণৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰাৰ বৃহত্তৰ বিষয়টোৰ ওপৰত শুনানি অব্যাহত থাকিব বুলি স্পষ্ট কৰে শীৰ্ষ ন্যায়ালয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *