মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন কৰে৷ খানাপাৰৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ ভৱনত ‘ভিএফএছ গ্ল’বেল’-এ স্থাপন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে চাইপ্ৰাছ, ইজিপ্ত, আয়াৰলেণ্ড, জাপান, মাল্টা, মৰক্কো আৰু যুক্তৰাজ্যৰ ভিছাৰ বাবে আবেদন কৰিব পাৰিব৷ উল্লখ্য যে এই কেন্দ্ৰত শ্বেনগেন ভিছা আবেদনৰো সুবিধা থাকিব আৰু এই ভিছা লাভ কৰা লোকে ইউৰোপৰ ২৯ দেশ ভ্ৰমণ কৰিব পাৰিব৷ এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সেৱাৰ সুবিধা সহজে উপলব্ধ কৰাব আৰু বিশ্বৰ বহু দেশক উত্তৰ-পূৰ্বাঞ্চলৰ ওচৰ চপাই আনিব৷ Share this:FacebookX Related Post navigation ভাৰতলৈ আহিব লাগিলে আমাৰ চৰ্তত আহিব লাগিব, নহ’লে ঘোঁচা মাৰি খেদি দিমঃ ইলন মাস্কক মুকলি ভাবুকি বিজেপি সাংসদৰ ১২৫ চিচি মটৰচাইকেল শ্ৰেণীত ছেগমেণ্টৰ প্ৰথম ট্ৰেকচন কণ্ট্ৰল সংযোজন টিভিএছ ৰাইডাৰৰ