স্বচ্ছতাৰ প্ৰতি সজাগতা সৃষ্টি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা ছাত্ৰ-ছাত্ৰীৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি সুৰজিৎ একাডেমীৰ উদ্যোগত ‘স্বচ্ছতা হি সেৱা’ বিষয়ক দুখন পুতলা নাট সফলতাৰে মঞ্চস্থ কৰা হয়। ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰপ্ৰাপ্ত শিল্পী বিনীতা দেৱীৰ পৰিচালনাত আৰু ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ জ্যেষ্ঠ ফেল’শ্বিপপ্ৰাপ্ত সীমান্ত শৰ্মাৰ সামগ্ৰিক পৰিকল্পনাত অনুষ্ঠিত এই পুতলা নাট প্ৰদৰ্শনে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশেষ উৎসাহ আৰু আনন্দৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ‘স্বচ্ছতা হি সেৱা ২০২৬’ অভিযানৰ অংশ হিচাপে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত পুতলা নাট প্ৰদৰ্শনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক স্বচ্ছতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সামাজিক দায়বদ্ধতাৰ বিষয়ে সজাগ কৰাৰ প্ৰয়াস কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *