দছেৰাত ৰাৱণ দাহনৰ বিষয়ে সকলোৱেই জানে। কিন্তু এইবাৰ ৰাৱণৰ সৈতে দাহন কৰা হ’ব পঁইতাচোৰাও। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে পঁইতাচোৰাক আৱৰ্জনা হিচাপে উপস্থাপন কৰি এইবাৰ দছেৰাত ৰাৱণৰ সৈতে একেলগে পঁইতাচোৰা দাহনৰ বাবে সাজু হৈছে দিল্লীৰ এখন ৰামলীলা সমিতি। ৰাষ্ট্ৰীয় ৰাজধানীৰ পিতামপুৰাৰ শ্ৰী কেশৱ ৰামলীলা সমিতিয়ে ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিমূৰ্তিৰ সমান্তৰালভাৱে এক ৩০ ফুট ওখ বিয়াগোম পঁইতাচোৰাৰ প্ৰতিকৃতি দাহ কৰাৰ সিদ্ধান্ত লৈছে। সমিতিখনৰ তৰফৰ পৰা দাবী কৰা হৈছে যে এই পদক্ষেপ ‘স্বচ্ছ ভাৰত’ আৰু ‘স্বচ্ছ দিল্লী’ অভিযানৰ এক অংশ। পঁইতাচোৰা অপৰিষ্কাৰ আৰু আৱৰ্জনাৰ প্ৰতীক হোৱাৰ বাবেই ৰাৱণৰ অসুৰ বাহিনীৰ অন্তৰ্ভুক্ত কৰি ইয়াক দাহ কৰা হ’ব। ৰামলীলা সমিতিৰ সভাপতি তথা বিজেপি বিধায়ক অশোক গোৱেলে কয়, “এই সিদ্ধান্তৰ আঁৰত কোনো ৰাজনৈতিক উদ্দেশ্য নাই। অপশক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা দিবলৈহে এই প্ৰতীকী দাহনৰ ব্যৱস্থা কৰা হৈছে।” কিন্তু বিজেপি বিধায়কগৰাকীয়ে ইয়াক অৰাজনৈতিক বুলি দাবী কৰিলেও, ককৰোচ জনতা পাৰ্টিৰ চলিত প্ৰতিবাদৰ মাজতে এনে পদক্ষেপে এতিয়া তীব্ৰ ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে নীট প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ যন্তৰ মন্তৰত এমাহজোৰা প্ৰতিবাদ আৰু সংসদ যাত্ৰা কৰি প্ৰাক্তন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগ কৰিবলৈ বাধ্য কৰাইছিল ককৰোচ জনতা পাৰ্টিয়ে। বৰ্তমান ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনীৰ অনিয়মৰ বিৰুদ্ধে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বিৰোধী দল আৰু ছাত্ৰ সংগঠনসমূহৰ সৈতে হাত মিলাই ককৰোচ জনতা পাৰ্টিয়ে দিল্লীৰ ৰাজপথত ধাৰাবাহিক আন্দোলন চলাই আছে। এই প্ৰতিবাদৰ বাবেই দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা, ছাত্ৰ আৰু সাংবাদিক কাৰাৰুদ্ধ হ’বলগীয়া হৈছে। এনে এক উত্তপ্ত পৰিস্থিতিৰ সময়তে ধৰ্মীয় অনুষ্ঠানৰ মঞ্চ ব্যৱহাৰ কৰি শাসকীয় পক্ষৰ নেতাই আন্দোলনকাৰী দলটোক পৰোক্ষভাৱে লক্ষ্য কৰি এনে ব্যৱস্থা লোৱাক লৈ বিৰোধী মহলত ক্ষোভৰ সৃষ্টি হৈছে। Share this:FacebookX Related Post navigation ১২৫ চিচি মটৰচাইকেল শ্ৰেণীত ছেগমেণ্টৰ প্ৰথম ট্ৰেকচন কণ্ট্ৰল সংযোজন টিভিএছ ৰাইডাৰৰ