ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ লেগ-স্পিনাৰ তথা ইণ্ডিয়ান প্ৰীমিয়াৰ লিগৰ সৰ্বাধিক উইকেট দখলকাৰী ক্ৰিকেটাৰ যুজৱেন্দ্ৰ চাহালে মদ্যপানৰ আসক্তি, ব্যক্তিগত জীৱনৰ সংঘাত আৰু মানসিক স্বাস্থ্যৰ সৈতে কৰা কঠিন সংগ্ৰামৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আকাশ চোপ্ৰাৰ এক পডকাষ্টত অংশগ্ৰহণ কৰি ৩৬ বছৰীয়া স্পিনাৰগৰাকীয়ে তেওঁৰ জীৱনৰ অন্যতম কঠিন অধ্যায়ৰ কথা শ্বেয়াৰ কৰে। চাহালে জনায় যে বিবাহবিচ্ছেদৰ পিছত তেওঁৰ মানসিক অৱস্থা অত্যন্ত অৱনতি ঘটিছিল, যাৰ ফলত তেওঁৰ মদ্যপানৰ অভ্যাসে সকলো সীমা অতিক্ৰম কৰিছিল। ক্ৰিকেট কেৰিয়াৰ ধ্বংস হোৱাৰ আশংকাত তেওঁ নিজেই এটা পুনৰসংস্থাপন কেন্দ্ৰত ২৬ দিন অতিবাহিত কৰাৰ সিদ্ধান্ত লয়।

বিগত বছৰ কাউণ্টি ক্ৰিকেট খেলাৰ পিছত অৱস্থা অতি ভয়াৱহ হৈ পৰাত চাহালে ৰিহেব কেন্দ্ৰত ভৰ্তি হয়। এই সিদ্ধান্তই তেওঁৰ ব্যক্তিগত জীৱন আৰু মানসিক পৰিপক্কতাত ইতিবাচক পৰিৱৰ্তন আনে বুলি তেওঁ উল্লেখ কৰে। ব্যক্তিগত জীৱনৰ সংকট আৰু ছ’চিয়েল মিডিয়াৰ সমালোচনাই তেওঁৰ খেলত প্ৰভাৱ পেলাইছিল। তেওঁ তীব্ৰ এংজাইটি আৰু পেনিক এটেকত ভুগিছিল, যাৰ ফলত শাৰীৰিকভাৱে কথা কোৱাতো সমস্যাৰ সৃষ্টি হৈছিল। মানসিক অৱস্থা ঠিক নথকাৰ বাবে তেওঁ ক্ৰিকেটৰ পৰা বিৰতি ল’বলৈ বিচিচিআই ৰ প্ৰাক্তন কোষাধ্যক্ষ অনিৰুদ্ধ চৌধুৰীক অনুৰোধ জনাইছিল।

পৰৱৰ্তী সময়ত পঞ্জাব কিংছ দলে ১৮ কোটি টকাত তেওঁক ক্ৰয় কৰাৰ পিছত তেওঁ নতুন উদ্যমেৰে খেলপথাৰলৈ প্ৰত্যাহ্বান জনায়।চাহালে উল্লেখ কৰে যে এই কঠিন সময়ছোৱাত তেওঁৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুসকল তেওঁৰ কাষত আছিল। বৰ্তমান তেওঁ মানসিকভাৱে বহুত সুস্থ আৰু সুখী স্থানত আছে বুলি ব্যক্ত কৰে। উল্লেখযোগ্য যে আই পি এলত ২৩৩ টা উইকেটৰ সৈতে শীৰ্ষ স্থানত থকা চাহালে শেহতীয়াকৈ লৰ্ডছত নৰ্থেম্পটনশ্বায়াৰৰ হৈ অন্তিমখন মেচ খেলে।

Leave a Reply

Your email address will not be published. Required fields are marked *