ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ-বেটছমেন ঈশান কিষাণে আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টি-২০ মেচত খেলাৰ পৰা বিৰত থকাৰ সম্ভাৱনা আছে। শনিবাৰে খ্ৰীষ্টচাৰ্চৰ হেগলি অ’ভেলত এই মেচখন অনুষ্ঠিত হ’ব।ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক সীতানশু কোটকে প্ৰকাশ কৰা মতে, প্ৰথম টি-২০ মেচখনত ঈশানে তেওঁৰ সাধাৰণ স্থান নম্বৰ ৩ ৰ সলনি নম্বৰ ৫ ত বেটিং কৰাৰ মূল কাৰণ আছিল এই আঘাত।

প্ৰশিক্ষকগৰাকীয়ে কয় যে খেলুৱৈগৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই আৰু কাইলৈৰ মেচখনতো তেওঁৰ খেলাৰ সম্ভাৱনা অতি ক্ষীণ। চিকিৎসা গোটে পৰামৰ্শ নিদিয়া পৰ্যন্ত তেওঁক দলৰ পৰা বাদ দিয়াৰ কথা চিন্তা কৰা হৈছে। ঈশাণ কিষাণ খেলিব নোৱাৰিলে যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে তেওঁৰ স্থান লোৱাৰ পূর্ণ সম্ভাৱনা আছে। ১৫ বছৰীয়া বৈভৱে ইতিমধ্যে তেওঁৰ খেলা প্ৰথম ৮ খন টি-২০ মেচত ১৮৬.৩৬ আক্ৰমণাত্মক ষ্ট্ৰাইক ৰেটেৰে ২৪৬ ৰান সংগ্ৰহ কৰিছে।

উল্লেখ্য যে প্ৰথম টি-২০ মেচত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে ২২৬ ৰানৰ এক বিশাল লক্ষ্য ৪ উইকেট হাতত থকাত সফলভাৱে জয়লাভ কৰিছিল। দলৰ হৈ সঞ্জু চেমচনে ৩৩ টা বলত ৬৫ ৰান, শ্ৰেয়াছ আয়েৰে ৪২ ৰান আৰু অমনধীৰে অপৰাজিত ৪২ ৰান সংগ্ৰহ কৰি দলক ১-০ ৰ অগ্ৰগতি লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *