ভি-এ ভাৰতৰ প্ৰথমটো প্ৰিপেইড ফেমিলি প্লেন মুকলি কৰিছে। এই প্ৰিপেইড ফেমিলি প্লেনৰ জৰিয়তে গ্ৰাহকসকলে ভি এপৰ সহায়ত সমগ্ৰ দেশতে থকা নিজৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মোবাইল ডাটা শ্বেয়াৰ কৰিব পাৰিব।এই নতুন ব্যৱস্থাটোৰ অধীনত বৰ্তমানৰ সক্ৰিয় ভি প্ৰিপেইড গ্ৰাহকসকলে সৰ্বাধিক ৪ জন সদস্যৰে এটা ফেমিলি গ্ৰুপ তৈয়াৰ কৰিব পাৰিব, য’ত এজন মুখ্য সদস্য আৰু ৩জন গৌণ সদস্য থাকিব। প্ৰতিজন সদস্যৰে নিজা নিজা প্ৰিপেইড প্লেন আৰু ভেলিডিটি থাকিব, কিন্তু ইয়াৰ সমান্তৰালভাৱে পৰিয়ালৰ কোনো সদস্যৰ ডাটা শেষ হ’লে একোবাৰত ৫০০ এমবি ডাটা ট্ৰান্সফাৰ কৰাৰ সুবিধা লাভ কৰিব।

কোম্পানীটোৱে জনোৱা অনুসৰি ভি এপৰ জৰিয়তে কৰা প্ৰতিটো ৰিচাৰ্জত পৰিয়ালৰ প্ৰতিজন সদস্যই ১০% পৰ্যন্ত নিশ্চিত ৰেহাই লাভ কৰিব। গ্ৰাহকসকলে বিভিন্ন টেলিকম চাৰ্কলৰ মাজতো ফেমিলি গ্ৰুপ সৃষ্টি কৰিব পাৰিব, যোগ্য সদস্যসকলক যোগ কৰিব পাৰিব আৰু শ্বেয়াৰ্ড কানেক্টিভিটি, ফেমিলি মেনেজমেণ্ট বৈশিষ্ট্য তথা এক্সক্লুছিভ ৰিৱাৰ্ডছৰ দৰে সুবিধাসমূহ উপভোগ কৰিব পাৰিব। ভি-ৰ মুখ্য বিপণন বিষয়া অবনীশ খোছলাই এই বিষয়ে সদৰি কৰি কয় যে, প্ৰিপেইড সেৱাসমূহ গ্ৰাহকৰ দৈনন্দিন প্ৰয়োজনৰ সৈতে অধিক নমনীয় আৰু প্ৰাসংগিক কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অবনীশ খোছলাই লগতে কয় যে, এই প্ৰিপেইড ফেমিলি প্লেনৰ ফলত পৰিয়ালসমূহ একেলগে সংযুক্ত হৈ থাকিব পাৰিব আৰু যিকোনো স্থানৰ পৰাই প্ৰয়োজন অনুসৰি ডাটা শ্বেয়াৰ কৰিব পাৰিব।

এই নতুন প্লেনটোৰ প্ৰচাৰৰ বাবে বলীউড তাৰকা শ্বাহৰুখ খানক লৈ নতুন বিজ্ঞাপন অভিযান আৰম্ভ কৰিছে। এই বিজ্ঞাপনটোত দেখুওৱা হৈছে যে কেনেকৈ এই সেৱাই বিভিন্ন চহৰত বাস কৰা পৰিয়ালৰ সদস্যসকলকো একত্ৰিত কৰি ৰাখিব পাৰে, যাৰ জৰিয়তে কোম্পানীটোৰ “ভি পে সব হ্যে ভিআইপি” ব্ৰেণ্ড প্ৰতিশ্ৰুতিক অধিক সুদৃঢ় কৰা হৈছে। এই প্ৰচেষ্টাই প্ৰিপেইড ম’বাইল খণ্ডত পৰিয়ালসমূহক নিজা নিজা ৰিচাৰ্জ প্লেন বজাই ৰাখিও একেলগে সংযোগ ব্যৱস্থাপনাৰ সুবিধা প্ৰদান কৰিব বিচাৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *