প্ৰথমবাৰৰ বাবে জনপ্ৰিয় সামাজিক মাধ্যম ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ ঘটিল কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ। বৃহস্পতিবাৰে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট মুকলি কৰিয়েই নেত্ৰীগৰাকীয়ে তেওঁৰ বহুপ্ৰত্যাশিত আত্মজীৱনী ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম ৰূপ ৰাজহুৱা কৰে। একাউন্ট মুকলি কৰাৰ মাত্ৰ কেইমিনিটমানৰ ভিতৰতেই চাৰে চাৰি সহস্ৰাধিক লোকে ছোনিয়া গান্ধীক অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। বৰ্তমানলৈকে তেওঁ মাত্ৰ তিনিটা একাউন্টকহে অনুসৰণ কৰিছে, য’ত পুত্ৰ ৰাহুল গান্ধী, কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু কংগ্ৰেছ দলৰ আনুষ্ঠানিক পেজ অন্তৰ্ভুক্ত।

প্ৰকাশিত প্ৰথমটো পোষ্টত ছোনিয়া গান্ধীয়ে লিখে, “সকলোলৈকে নমস্কাৰ, এই মুহূৰ্তটো আপোনালোকৰ সৈতে ভাগ-বাটোৱাৰা কৰিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত। মোৰ গ্ৰন্থ ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম ৰূপ। এয়া প্ৰেম, কৰ্তব্য, হেৰুওৱাৰ বেদনা আৰু নিজৰ এক আশ্ৰয় বিচাৰি পোৱাৰ কাহিনী।” শ্বেয়াৰ কৰা ভিডিঅ’টোত ৫৪৪ পৃষ্ঠাৰ কিতাপখন হাতত লৈ কভাৰখন খুলি পৃষ্ঠাসমূহ লুটিয়াই চোৱা দেখা গৈছে নেত্ৰীগৰাকীক। কিতাপখনত থকা সন্তান ৰাহুল আৰু প্ৰিয়ংকাৰ শৈশৱৰ ফটোৰ সংগ্ৰহ প্ৰত্যক্ষ কৰি তেওঁ কাষতে থকা সাংসদ কন্যা প্ৰিয়ংকাক হাঁহি মুখেৰে কয়, “বহুত ফটো আছে, প্ৰিয়ংকা।”

উল্লেখ্য যে, অহা ১০ নৱেম্বৰত মুক্তি পাবলগীয়া এই আত্মজীৱনীখনক লৈ যোৱা আগষ্ট মাহতেই এক প্ৰচণ্ড ৰাজনৈতিক বিতৰ্কৰ সূচনা হৈছিল। প্ৰথমতে পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়াই গ্ৰন্থখন প্ৰকাশ কৰাৰ কথা আছিল যদিও কিছু সালসলনিক লৈ সহমতত উপনীত হ’ব নোৱাৰাত প্ৰকাশন প্ৰতিষ্ঠানটোৱে কিতাপখন প্ৰকাশৰ পৰা আঁতৰি আহে। কংগ্ৰেছে অভিযোগ তুলিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰএছএছ আৰু ভাৰত-চীন সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ অংশ বাদ দিবলৈ প্ৰতিষ্ঠানটোক চৰকাৰী হেঁচা প্ৰয়োগ কৰা হৈছিল। অৱশ্যে পেংগুইনে কোনো ধৰণৰ বাহ্যিক হেঁচাৰ কথা অস্বীকাৰ কৰিছিল।

বিতৰ্কৰ অন্তত এতিয়া কিতাপখন ভাৰতত হাৰ্পাৰ কলিন্সে প্ৰকাশ কৰিবলৈ সাজু হৈছে। যুদ্ধোত্তৰ ইটালীত কটোৱা শৈশৱৰ দিনৰ পৰা আৰম্ভ কৰি ভাৰতলৈ আগমন, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে বিবাহ, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ হত্যাৰ দৰে মৰ্মান্তিক ব্যক্তিগত ট্ৰেজেডী, ৰাজনীতিত প্ৰৱেশ আৰু ২০০৪ চনত প্ৰধানমন্ত্ৰীৰ পদ প্ৰত্যাখ্যানৰ দৰে সকলো ঐতিহাসিক দিশ এই গ্ৰন্থখনত ছোনিয়া গান্ধীয়ে নিজৰ দৃষ্টিভংগীৰে দাঙি ধৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *