ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিঙে আসন্ন আই পি এল ২০২৭ সংস্কৰণৰ বাবে দিল্লী কেপিটেলছ দলৰ সহকাৰী তথা বেটিং প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। বিগত কেইটামান বছৰত কেইবাজনো যুৱ ভাৰতীয় খেলুৱৈক পথ প্ৰদৰ্শন কৰাৰ পিছত এয়া হ’ব তেওঁৰ প্ৰথমটো আনুষ্ঠানিক প্ৰশিক্ষণৰ দায়িত্ব।এই নিযুক্তিৰ জৰিয়তে যুৱৰাজৰ দিল্লী ফ্ৰেঞ্চাইজীৰ সৈতে পুনৰ এক সংযোগ ঘটিছে, যিটো দলক তেওঁ ২০১৫ চনৰ নিলামত ১৬ কোটি টকাত বিক্ৰী হোৱাৰ পিছত প্ৰতিনিধিত্ব কৰিছিল। দিল্লী কেপিটেলছৰ শেহতীয়াকৈ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত হোৱা ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ সৈতে এই নিযুক্তিৰ জৰিয়তে যুৱৰাজ সিঙে পুনৰ একেলগে কাম কৰাৰ সুযোগ লাভ কৰিব। দিল্লী ফ্ৰেঞ্চাইজীৰ অধ্যক্ষ পাৰ্থ জিন্দালে যুৱৰাজক দলটোক স্বাগতম জনাই আনন্দ প্ৰকাশ কৰি কয় যে যুৱৰাজে ভাৰতীয় ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ মেচ-উইনাৰ আৰু তেওঁ বৰ্তমানৰ বহু কেইজন প্ৰতিভাশালী যুৱ খেলুৱৈক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতক ২০০৭ চনৰ আইচিচি টি-২০ বিশ্বকাপ আৰু ২০১১ চনৰ আইচিচি এদিনীয়া বিশ্বকাপ জিকাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা যুৱৰাজে দিল্লী কেপিটেলছলৈ কঢ়িয়াই আনিছে প্ৰচুৰ অভিজ্ঞতা। কেৰিয়াৰত তেওঁ ১৭ বছৰ ধৰি ভাৰতৰ হৈ ৪০খন টেষ্ট, ৩০৪খন এদিনীয়া আৰু ৫৮খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। ইয়াৰোপৰি আই পি এলত ১৩২খন মেচ খেলি ২,৭৫০ ৰান সংগ্ৰহ কৰাৰ লগতে ৩৬ টা উইকেট দখল কৰিছিল। মাৰাত্মক কেঞ্চাৰক পৰাস্ত কৰি ২০১২ চনত তেওঁ পুনৰ ভাৰতীয় দললৈ ঘূৰি আহি এক অনুপম দৃষ্টান্ত স্থাপন কৰিছিল। নতুন ভূমিকাৰ বিষয়ে প্ৰকাশ কৰি যুৱৰাজ সিঙে কয়-এই ফ্ৰেঞ্চাইজীটোৰ সৈতে মোৰ পুৰণি সম্পৰ্ক আছে আৰু মই ইয়াৰ মালিকসকলক ভালদৰে জানো, যিটোৱে মোৰ বাবে এই সুযোগটো অতি বিশেষ কৰি তুলিছে। তেওঁ সৌৰভ গাংগুলীৰ সৈতে প্ৰশিক্ষক হিচাপে কাম কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা বুলিও প্ৰকাশ কৰে। Share this:FacebookX Related Post navigation ডেনমাৰ্ক অ’পেনত ভাৰতীয় বেডমিণ্টন তাৰকাসকলৰ সন্মুখত প্ৰত্যাহ্বান