২০২৮ চনত অনুষ্ঠিত হ’বলগীয়া থমাছ আৰু উবেৰ কাপ ফাইনেলছৰ আয়োজক দেশ হিচাপে ভাৰতৰ নাম ঘোষণা কৰিছে বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনে। বুধবাৰে  বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচন ( বি ডব্লিউ এফ)-এ এই কথা আনুষ্ঠানিকভাৱে সদৰী কৰে। এই প্ৰতিযোগিতা দুখনৰ লগতে বি ডব্লিউ এফে নিজৰ ফ্লেগশ্বিপ চেম্পিয়নশ্বিপসমূহৰ আৰ্হিতো কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘোষণা কৰিছে। আনহাতে, বি ডব্লিউ এফে ২০২৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ বাবে কানাডাৰ মিছিছাউগা, ২০২৯ চনৰ সুদিৰমান কাপ ফাইনেলছৰ বাবে কোৰিয়া আৰু ২০৩০ চনৰ থমাছ আৰু উবেৰ কাপ ফাইনেলছৰ বাবে পেৰিছক আয়োজক চহৰ হিচাপে নিশ্চিত কৰিছে।

ভাৰতে দ্বিতীয়বাৰৰ বাবে থমাছ আৰু উবেৰ কাপ ফাইনেলছ আয়োজন কৰিব। ইয়াৰ পূৰ্বে ২০১৪ চনত নতুন দিল্লীত এই মৰ্যাদাপূৰ্ণ দলীয় বেডমিণ্টন প্ৰতিযোগিতা দুখন অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে ভাৰতে চলিত বৰ্ষৰ আৰম্ভণিতে বি ডব্লিউ এফে বিশ্ব চেম্পিয়নশ্বিপ আৰু যোৱা বছৰ ইয়াৰ জুনিয়ৰ সংস্কৰণো সফলতাৰে আয়োজন কৰিছিল।ভাৰতীয় দলসমূহে এই প্ৰতিযোগিতাসমূহত পূৰ্বৰে পৰা উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছে। ২০২২ চনত ভাৰতে থমাছ কাপ জয় কৰাৰ লগতে উবেৰ কাপত দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আয়োজক দেশৰ নাম ঘোষণা কৰাৰ লগতে বি ডব্লিউ এফে প্ৰতিযোগিতাৰ আৰ্হিতো ব্যাপক সালসলনি ঘটাইছে। ২০২৮ চনৰ থমাছ আৰু উবেৰ কাপ ফাইনেলছত ২৪টা পুৰুষ দল আৰু ২৪টা মহিলা দলে অংশগ্ৰহণ কৰিব। দলসমূহক ৬টাকৈ দলৰ চাৰিটা গ্ৰুপত ভাগ কৰা হ’ব।

প্ৰতিটো দলে লীগ পৰ্যায়ত চাৰিটাকৈ মেচ খেলিব আৰু শীৰ্ষ ১২টা দলে নকআউট পৰ্যায়লৈ অগ্ৰসৰ হ’ব।২০২৮ চনৰ এই ফাইনেলসমূহৰ বাবে সংশোধিত ‘বেষ্ট অৱ থ্ৰী’ মেচৰ আৰ্হি প্ৰৱৰ্তন কৰা হ’ব। বি ডব্লিউ এফৰ দ্বাৰা আয়োজিত থমাছ আৰু উবেৰ কাপ ফাইনেলছ হৈছে প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা বেডমিণ্টনৰ সৰ্বোচ্চ আন্তঃৰাষ্ট্ৰীয় দলীয় প্ৰতিযোগিতা। ইয়াক সচৰাচৰ বেডমিণ্টনৰ বিশ্বকাপ বুলি কোৱা হয়। থমাছ কাপত বিশ্বৰ শ্ৰেষ্ঠ পুৰুষ ৰাষ্ট্ৰীয় দল আৰু উবেৰ কাপত শ্ৰেষ্ঠ মহিলা দল নিৰ্বাচিত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *