ভৱিষ্যৎ প্ৰজন্মক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে এইবাৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিলে বিশ্বৰ শীৰ্ষ ধনকুবেৰ ইলন মাস্কে। আমেৰিকাৰ প্ৰতিটো শিশুকে মহাকাশ গৱেষণা সংস্থা ‘স্পেচএক্স’ৰ অংশীদাৰিত্ব প্ৰদান কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে দেশখনৰ প্ৰতিটো শিশুলৈকে কোম্পানীটোৰ দুটাকৈ শ্বেয়াৰ বিনামূলীয়াকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

সামাজিক মাধ্যম ‘এক্স’ত (পূৰ্বৰ টুইটাৰ) এটা পোষ্ট শ্বেয়াৰ কৰি ইলন মাস্কে কয় যে আমেৰিকাৰ প্ৰতিটো শিশুৱেই স্পেচএক্সৰ দুটাকৈ শ্বেয়াৰ লাভ কৰিব। ইয়াৰে এটা শ্বেয়াৰ কোম্পানীটোৰ ফালৰ পৰা আৰু আনটো শ্বেয়াৰ মাস্কে ব্যক্তিগতভাৱে দান হিচাপে আগবঢ়াব। উল্লেখ্য যে বুধবাৰে নাছডাক শ্বেয়াৰ বজাৰত স্পেচএক্সৰ প্ৰতিটো শ্বেয়াৰৰ মূল্য আছিল ১২৭ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ১০,৭০০ টকা)।

ইয়াৰ পূৰ্বে স্পেচএক্স কৰ্তৃপক্ষই ঘোষণা কৰিছিল যে আমেৰিকাত বৰ্তমান সক্ৰিয় হৈ থকা প্ৰতিটো ‘ট্ৰাম্প একাউণ্ট’ত কোম্পানীটোৰ ফালৰ পৰা এটাকৈ নতুন ‘ক্লাছ-এ’ সাধাৰণ শ্বেয়াৰ জমা কৰা হ’ব। কোম্পানীটোৰ এই ঘোষণাৰ পিছতে মাস্কে নিজৰ ফালৰ পৰাও সমসংখ্যক শ্বেয়াৰ আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে।

উল্লেখ্য যে আমেৰিকাৰ শিশুসকলৰ দীর্ঘম্যাদী সঞ্চয় গঢ়ি তোলাৰ বাবে কৰ ৰেহাইযুক্ত বিনিয়োগ একাউণ্ট হিচাপে এই ‘ট্ৰাম্প একাউণ্ট’ প্ৰৱৰ্তন কৰা হৈছে। অৱশ্যে মাস্কে ব্যক্তিগতভাৱে আগবঢ়াবলগীয়া শ্বেয়াৰসমূহো ট্ৰাম্প একাউণ্টৰ জৰিয়তেই দিয়া হ’ব নে নাই অথবা এই শ্বেয়াৰসমূহ নিৰ্দিষ্ট সময়লৈকে বিক্ৰী কৰিব নোৱাৰাকৈ ‘লক-আপ’ পর্যায়ত থাকিব নেকি, সেই সন্দৰ্ভত কোম্পানীটোৱে এতিয়াও সবিশেষ স্পষ্ট কৰা নাই।

সামাজিক মাধ্যমযোগে স্পেচএক্সে কয় যে এক অধিক ৰোমাঞ্চকৰ ভৱিষ্যৎ গঢ়ি তোলাৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মক অংশীদাৰ কৰাৰ লক্ষ্যৰেই দেশখনৰ লাখ লাখ শিশুলৈ কোম্পানীটোৰ এটাকৈ শ্বেয়াৰ আগবঢ়োৱাৰ সংকল্প লোৱা হৈছে। ভৱিষ্যতৰ আন্তঃগাঁথনি উন্নয়ন আৰু ভিন ভিন গ্ৰহত মানুহৰ বসতি স্থাপনৰ বাবে কোম্পানীটোৱে দেখা সপোনত নৱপ্ৰজন্মইও অংশগ্ৰহণৰ সুযোগ পোৱা উচিত বুলি স্পেচএক্সে মত প্রকাশ কৰে। আনহাতে, যোৱা মাহতেই এই পৰিকল্পনাৰ কথা প্রকাশ কৰা ইলন মাস্কে উল্লেখ কৰে যে ভৱিষ্যৎ অর্থনীতিৰ অংশীদাৰিত্ব স্বৰূপ শ্বেয়াৰসমূহ পোনপটীয়াকৈ সাধাৰণ মানুহৰ হাতত তুলি দিয়াই হৈছে উন্নতিৰ সৰ্বোত্তম পথ।

Leave a Reply

Your email address will not be published. Required fields are marked *