ৱেলিংটনৰ বেচিন ৰিজাৰ্ভত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতৰ বিৰুদ্ধে বীৰত্বপূৰ্ণ প্ৰদৰ্শনেৰে ড্ৰ’ অৰ্জন কৰিবলৈ সক্ষম হৈছে নিউজিলেণ্ড। খেলখনৰ অন্তিম চাৰিটা ছেছনত বেটিং কৰি কিৱি দলটোৱে ভাৰতৰ এক স্মৰণীয় ইনিংছ বিজয়ৰ সপোন ভংগ কৰে। উল্লেখযোগ্য যে ভাৰতে ১৬৬ অভাৰত ৯টা উইকেট হেৰুৱাই ৭২০ ৰানৰ বিশাল স্ক’ৰত প্ৰথম ইনিংছ ঘোষণা কৰি নিউজিলেণ্ডৰ বিৰুদ্ধে ৩৫২ ৰানৰ বৃহৎ অগ্ৰগতি লাভ কৰিছিল। প্ৰথম ইনিংছত হেনৰী নিকোলছৰ অপৰাজিত ১৭৫ আৰু গ্লেন ফিলিপছৰ ১১৮ ৰানৰ সহায়ত নিউজিলেণ্ডে ৩৬৮ ৰান সংগ্ৰহ কৰে। ৭০ ৰানত ৫টা উইকেট হেৰুৱাই বিপদত পৰা দলটোক দুয়োগৰাকী বেটাৰে ২১৬ ৰানৰ বিশাল যুটিৰে উদ্ধাৰ কৰে।ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে শীর্ষ সাতগৰাকী বেটাৰৰ ভিতৰত ছগৰাকীৰ ৭৫ বা ততোধিক ৰানৰ সহায়ত ৭২০/৯ ৰানত ইনিংছ ঘোষণা কৰে। ৩৫২ ৰানত পিছপৰি থকা নিউজিলেণ্ডে অন্তিম দিনটোত হাতত আঠটা উইকেট লৈ খেলপথাৰত নামিছিল আৰু ১২০ অ’ভাৰত ৫টা উইকেট হেৰুৱাই ২৩৯ ৰান সংগ্ৰহ কৰি খেলখন ড্ৰ’ কৰিবলৈ সক্ষম হয়।

৩৩৫টা বলত ২১টা চাৰিৰে অপৰাজিত ১৭৫ ৰান সংগ্ৰহ কৰে, যি তেওঁৰ টেষ্ট কেৰিয়াৰৰ দ্বিতীয় সৰ্বাধিক ব্যক্তিগত স্ক’ৰ। ইয়াৰ লগে লগে ভাৰতৰ বিৰুদ্ধে টেষ্টত নিউজিলেণ্ডৰ ৩ নম্বৰ স্থানৰ বেটাৰ হিচাপে সৰ্বাধিক ৰান সংগ্ৰহকাৰী হোৱাৰ লগতে ৱেলিংটনত ১,০০০ টেষ্ট ৰান সম্পূৰ্ণ কৰে। বৰ্তমান ৪১.৪৪ গড়ে তেওঁৰ মুঠ টেষ্ট ৰান ৩,৫৬৪। ২১৬টা বলত ১৪টা চাৰিৰে ১১৮ ৰান কৰে। ইয়াৰ দ্বাৰা তেওঁ একেটা কেলেণ্ডাৰ বৰ্ষত ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমগৰাকী বেটাৰ হিচাপে পৰিগণিত হয়। তেওঁৰ টেষ্ট কেৰিয়াৰৰ দ্বিতীয়টো শতকৰ লগতে বলিং কৰি ৩টা উইকেটো (৩/১৫৪) দখল কৰে। দ্বিতীয় ইনিংছত ১৬৫টা বলত ৬৫ ৰান সংগ্ৰহ কৰি ভাৰতৰ বিৰুদ্ধে চতুৰ্থটো টেষ্ট অৰ্ধশতক অৰ্জন কৰে। বৰ্তমান ৩৭খন মেচৰ পৰা তেওঁৰ মুঠ ৰান ২,৮৩০। টম ব্লাণ্ডেলে খেলখনত ৫ আৰু ১৫ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডৰ উইকেটৰক্ষক-বেটাৰগৰাকীয়ে টেষ্ট ক্ৰিকেটত ২,৫০০ ৰানৰ মাইলৰ খুঁটি অতিক্ৰম কৰে। নিউজিলেণ্ডৰ অধিনায়ক টম লাথামে দুয়োটা ইনিংছৰ প্ৰথমটো অ’ভাৰতে যশপ্ৰীত বুমৰাহৰ বলত শূন্য ৰানত আউট হৈ পেভিলিয়নলৈ উভতি যায়।

ভাৰতৰ বিৰুদ্ধে দুয়োটা ইনিংছতে শূন্য ৰানত আউট হোৱা তেওঁ নিউজিলেণ্ডৰ দ্বিতীয়গৰাকী অ’পেনাৰ আৰু তৃতীয়গৰাকী কিৱি অধিনায়ক। উল্লেখ্য যে ভাৰতৰ ৭২০/৯ স্ক’ৰটো নিউজিলেণ্ডৰ মাটিত যিকোনো দলৰ দ্বাৰা সংগ্ৰহ কৰা সৰ্বাধিক টেষ্ট ইনিংছ। কিৱি দলটোৰ বিৰুদ্ধে টেষ্টত ৭০০ ৰান স্পৰ্শ কৰা ভাৰত প্ৰথমটো দল। টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এটা ইনিংছৰ প্ৰথম সাতটা যুটিত ৫০ বা ততোধিক ৰান সংগ্ৰহ হয়, আৰু দ্বিতীয়বাৰৰ বাবে শীৰ্ষ পাঁচগৰাকী বেটাৰে ৮০ বা ততোধিক ৰান কৰে। নিউজিলেণ্ডত নিজৰ প্ৰথমখন টেষ্ট খেলি জয়ছোৱালে ৮৯টা বলত ১৬টা চাৰিৰে দ্ৰুতগতিৰ ৮৫ ৰান সংগ্ৰহ কৰে। ৩২খন টেষ্টত ৪৮.১৬ গড়ে তেওঁৰ মুঠ ৰান ২,৬৯৭ হৈছেগৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *