বিশ্বৰ এক নম্বৰ টেনিছ তাৰকা আলেকজেণ্ডাৰ জভেৰেভক পোনপটীয়া ছেটত পৰাস্ত কৰি স্পেইনৰ যুৱ তাৰকা কাৰ্লোছ আলকাৰাজে নিজৰ কেৰিয়াৰৰ প্ৰথমটো এ.টি.পি. ফাইনেলছ খিতাপ দখল কৰিছে। দেওবাৰে ইটালীৰ তুৰিনত অনুষ্ঠিত চূড়ান্ত খেলখনত সাতবাৰৰ গ্ৰেণ্ড শ্লাম চেম্পিয়ন আলকাৰাজে ৬-২, ৭-৬(৭) ব্যৱধানত জয়লাভ কৰে। আঘাতৰ বাবে চাৰি মাহ খেলপথাৰৰ পৰা আঁতৰি থকাৰ পাছত ইউ.এছ. অ’পেনৰ জৰিয়তে প্ৰত্যাৱৰ্তন কৰা আলকাৰাজে টাইব্ৰেকাৰত তিনিটা ছেট পইণ্ট ৰক্ষা কৰি এক ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে।

এই জয়ৰ লগে লগে ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে একেৰাহে ১৪ খন খেলত অপৰাজিত থকাৰ অভিলেখ গঢ়াৰ লগতে ভিয়েনা আৰু পেৰিছৰ পাছত বছৰটোৰ তৃতীয়টো ধাৰাবাহিক খিতাপ অর্জন কৰে।কেৰিয়াৰ গ্ৰেণ্ড শ্লাম সম্পূৰ্ণ কৰা আটাইতকৈ কনিষ্ঠ পুৰুষ খেলুৱৈ আলকাৰাজে যোৱা বছৰৰ ফাইনেলত ৰানাৰ্ছ-আপ হোৱাৰ পাছত এইবাৰ বহুপ্ৰত্যাশিত ট্ৰফীটো নিজৰ দখললৈ আনে। ইউ.এছ. অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হোৱাৰ পাছৰে পৰা তেওঁ ২২-১ জয়ৰ অভিলেখসহ মুঠ চাৰিটা খিতাপ জয় কৰিছে।

খেলৰ অন্তত আনন্দ প্ৰকাশ কৰি আলকাৰাজে কয়-মোৰ বাবে এয়া এক অবিশ্বাস্য সপ্তাহ আছিল। ইয়াতকৈ ভাল ধৰণে মই এই সপ্তাহটোৰ সামৰণি মাৰিব নোৱাৰিলোঁহেঁতেন। মই নিজকে লৈ আৰু মোৰ দলটোৱে কৰা কামক লৈ অতি গৌৰৱান্বিত। এই ট্ৰফীটোৰ বাবে মই বহুদিন ধৰি অপেক্ষা কৰি আছিলোঁ আৰু ই মোৰ বাবে বহুত মূল্যৱান।

Leave a Reply

Your email address will not be published. Required fields are marked *