কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ শুল্ক ক্ষেত্ৰত কিছু সাল-সলনি কৰিছে । পেট্ৰ’লৰ ৰপ্তানি শুল্ক বৃদ্ধিৰ বিপৰীতে ডিজেলৰ শুল্ক হ্ৰাস কৰিছে । বিত্ত মন্ত্ৰালয়ে এক অধিসূচনাযোগে এই বিষয়ে সদৰী কৰিছে ।কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫ টকালৈ বৃদ্ধি কৰিছে । ইয়াৰ বিপৰীতে ডিজেলৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৮.৫ টকালৈ হ্ৰাস কৰিছে । শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল ৰপ্তানিৰ ওপৰত শুল্ক বৃদ্ধি কৰিছে ।উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দামৰ হ্ৰাস-বৃদ্ধিৰ বাবে চৰকাৰে প্ৰতি ১৫ দিনৰ মূৰে মূৰে এই শুল্কৰ পুনৰীক্ষণ কৰি আহিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *