টহল কার্যক্রম আৰু বন্যপ্ৰাণী সংৰক্ষণ প্ৰচেষ্টা শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ফ্ৰণ্টলাইন বনকৰ্মীসকলক বাইচাইকেল প্ৰদান কৰা হৈছে। এই পদক্ষেপত আৰণ্যকৰ আইনী আৰু পৰামৰ্শ বিভাগ (LAD) আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ৰ পৰিৱেশ আৰু বন বিভাগে সহযোগিতা আগবঢ়াইছে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মধ্য পৰিসৰৰ অন্তৰ্গত কাচুগাঁও বন পৰিদৰ্শন বাংলোত ১৪ অক্টোবৰত অনুষ্ঠিত এক কাৰ্যসূচীত মুঠ দহখন বাইচাইকেল বনকৰ্মীসকলক হস্তান্তৰ কৰা হয়। এই বাইচাইকেলসমূহে খেত্ৰভিত্তিক গতিশীলতা বৃদ্ধি, টহলৰ দক্ষতা উন্নত আৰু বহনক্ষম সংৰক্ষণ পদ্ধতিত সহায় কৰিব বুলি আশা কৰা হৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ফ্ৰণ্টলাইন বনকৰ্মীসকলৰ কাৰ্যকৰী ক্ষমতা শক্তিশালী কৰা, যাতে তেওঁলোকে অধিক পৰিৱেশ-অনুকূল আৰু ফলপ্ৰসূভাৱে দায়িত্ব পালন কৰিব পাৰে। আৰণ্যকে জনাইছে যে এই সহায় তেওঁলোকৰ নিৰন্তৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন, যি বনকৰ্মীসকলে বন্যপ্ৰাণী সুৰক্ষা আৰু উদ্যানখনৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই কাৰ্যসূচীত উপস্থিত থাকে বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, গোসাঁইগাঁৱৰ বিধায়ক সভাৰাম বসুমতাৰী, বিটিচি বন বিভাগৰ মুখ্য বিভাগীয় মুৰব্বী ড° সোনালী ঘোষ, কাচুগাঁৱৰ বন সংমণ্ডল বিষয়া মুস্তাফা আলী আহমেদ, হালতুগাঁৱৰ বন সংমণ্ডল বিষয়া পি.কে. ভূঞা আৰু আৰণ্যকৰ উপ-কাৰ্যবাহী সঞ্চালক ড° বিভূতি প্ৰসাদ লহকৰ। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৬০ জন বন বিষয়াই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে, যিয়ে বন্যপ্ৰাণী সুৰক্ষা আৰু উদ্যান ব্যৱস্থাপনা শক্তিশালী কৰাত সংৰক্ষণ সংস্থা আৰু বন বিভাগৰ মাজত সহযোগিতাৰ গুৰুত্বক উজ্জ্বলাই তোলে। এই কাৰ্যসূচীৰ সমন্বয় কৰে আৰণ্যকৰ বিনীতা বৰুৱতীয়ে, লগতে সহযোগিতা আগবঢ়ায় আইভি ফাৰহীন হুছেইন, বিজিত বড়ো, মিজিং বড়ো, গায়ত্ৰী দত্ত, ৰাজ লিম্বু, বিৰদত্ত বড়ো, ধনঞ্জয় মছাহাৰী আৰু অজয় বসুমতাৰীয়ে। আৰণ্যকে জনাইছে যে এই পদক্ষেপে ফ্ৰণ্টলাইন বনকৰ্মীসকলৰ প্ৰেৰণা, সাজুতা আৰু খেত্ৰভিত্তিক ক্ষমতা উন্নত কৰাৰ লগতে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত অধিক ফলপ্ৰসূ টহল আৰু সংৰক্ষণ প্ৰচেষ্টাত অৰিহণা যোগাব। সংস্থাটোৱে উমৈহতীয়া সংৰক্ষণ লক্ষ্য আগুৱাই নিয়াত বন বিভাগৰ নিৰন্তৰ সহযোগিতাকো স্বীকাৰ কৰে। Share this:FacebookX Related Post navigation দছেৰাত ৰাৱণৰ সৈতে এইবাৰ জ্বলি উঠিব ৩০ ফুট ওখ পঁইতাচোৰা; চিজেপিৰ প্ৰতিবাদৰ মাজতে দিল্লীত নতুন বিতৰ্ক ড্ৰাগছৰ বিৰুদ্ধে যুঁজ অটল সংকল্পৰে অব্যাহত থাকিব: হিমন্ত বিশ্ব শৰ্মাক অমিত শ্বাহৰ প্ৰশংসা