উত্তৰাখণ্ডৰ চামোলী জিলাত নিৰ্মাণৰত এটি জলবিদ্যুৎ প্ৰকল্পত হঠাতে সৃষ্টি হয় এক শোকাৱহ দুৰ্ঘটনা। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭:০৫ বজাত প্ৰকল্পটোৰ সুৰংগৰ ভিতৰত প্ৰৱল বেগেৰে পাহাৰীয়া ঢল আৰু আৱৰ্জনা সোমাই পৰাৰ ফলত ৭ গৰাকী শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হয়। প্ৰাথমিক তথ্য অনুসৰি, তেহৰী হাইড্ৰ’ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেডৰ অধীনস্থ পিপলকোটি অঞ্চলৰ এই সুৰংগটোত কাম কৰি থকা অৱস্থাত প্ৰায় ২২ গৰাকী শ্ৰমিক আবদ্ধ হৈ পৰে। উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে ২১ গৰাকী লোকক সুৰংগৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছে। উদ্ধাৰ কৰা লোকসকলৰ ভিতৰত ৭ জনক চিকিৎসকে মৃত ঘোষণা কৰে আৰু আন ১৪ গৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈ ওচৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাস্থলীত তৎপৰতাৰে উদ্ধাৰ অভিযান চলাইছে ভাৰতীয় সেনা, আইটিবিপি, এনডিআৰএফ, এছডিআৰএফ, স্থানীয় আৰক্ষী আৰু চিআইএছএফৰ যৌথ দলে। ঘটনাটো সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা প্ৰতিগৰাকী শ্ৰমিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাটোৱেই প্ৰশাসনৰ প্ৰথম অগ্ৰাধিকাৰ বুলি মন্তব্য কৰি যুদ্ধকালীন তৎপৰতাৰে সাহায্য অভিযান চলাবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ধামীয়ে। উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত চামোলী জিলাৰ নদীসমূহত জলপৃষ্ঠ তীব্ৰভাৱে বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে বিগত সোমবাৰে নীতি উপত্যকাত নদীৰ বাঢ়নী পানীৰ প্ৰবল সোঁতত এখন পকী দলং উটি যোৱাৰ লগতে বাট-পথ বন্ধ হৈ পৰাত সমগ্ৰ অঞ্চলটোত প্ৰাকৃতিক দুৰ্যোগৰ আতংক বিৰাজ কৰিছে। বৰ্তমানো প্ৰশাসনৰ উদ্ধাৰ অভিযান অব্যাহত আছে। Share this:FacebookX Related Post navigation লোকপিয়ল ২০২৭: ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ গভীৰ সমবেদনা ভূটানৰ ৰজাৰ