আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত শেহতীয়াকৈ সৃষ্টি হোৱা অনাকাংক্ষিত সংঘাতৰ ফলত বৃদ্ধি পাইছে অসম-অৰুণাচলৰ মাজৰ উত্তেজনা। দুয়োখন ৰাজ্যৰ সীমান্তত অসমীয়া লোকক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে কেইবাটাও দল-সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। এই পৰিস্থিতি প্ৰশমনৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম আৰু অৰুণাচল প্ৰদেশৰ সাংসদসকল। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ দিল্লীস্থিত আৱাসত অনুষ্ঠিত হয় এই আলোচনা। সামাজিক মাধ্যমত এক ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে কয়, “আমি অৰুণাচল আৰু অসমৰ সাংসদসকলে সদায় মিলিজুলি থকা এক পৰম্পৰা বৰ্তাই ৰাখিছোঁ। এতিয়া অসম-অৰুণাচল সীমান্তত সৃষ্টি হোৱা সমস্যা সন্দৰ্ভত আমি বিশদভাৱে আলোচনা কৰিলোঁ। অসম আৰু অৰুণাচলৰ মাজত থকা এই সম্পৰ্ক একেবাৰে অভিন্ন।” ৰাজ্য দুখনৰ ঐতিহাসিক বান্ধোনৰ কথা উল্লেখ কৰি তেওঁ কয়, “অৰুণাচল অসমৰ পৰাই ওলাই যোৱা এখন ৰাজ্য। দুয়োখন ৰাজ্যৰ মাজত সদায় ভাতৃত্ববোধ বাহাল আছে। কেতিয়াবা স্থানীয় পৰ্যায়ত অনাকাংক্ষিত ভুল বুজাবুজি বা সংঘাত সৃষ্টি হ’ব পাৰে। কিন্তু তেনে কথাক লৈ সমগ্ৰ ৰাজ্যৰ মাজত ভুল বুজাবুজি হোৱাটো অনুচিত।” সীমান্ত সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধানৰ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “যি ঘটনা সংঘটিত হ’ল, তাক আমি আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে মই কথা পাতিলোঁ। দুয়োগৰাকী মুখ্যমন্ত্ৰী পৰস্পৰৰ সৈতে যোগাযোগত আছে। অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীও ঘটনাস্থলীলৈ গৈ স্থানীয় পৰ্যায়ত কথা পাতিছে। আমি আশা কৰোঁ যে সকলো পক্ষই বহি সমস্যাসমূহ সমাধানৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰিব।” উক্ত বৈঠকত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ যোগেন মহন, বিজুলী কলিতা মেধি, পৰিমল শুক্লবৈদ্য, ফণীভূষণ চৌধুৰী, তেৰছ গোৱালা, প্ৰদান বৰুৱা, কামাখ্যা প্ৰসাদ তাছা তথা অৰুণাচল প্ৰদেশৰ সাংসদসকল উপস্থিত থাকে। বৈঠক সন্দৰ্ভত সামাজিক মাধ্যমত নিজৰ বক্তব্য দাঙি ধৰে সাংসদ যোগেন মহনে। সাংসদগৰাকীয়ে লিখে, “অসম আৰু অৰুণাচল প্ৰদেশৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে আমি সীমান্তত শান্তি, সদ্ভাৱ আৰু পাৰস্পৰিক বুজাবুজি বৰ্তাই ৰখাৰ বাবে সকলোকে আহ্বান জনালোঁ। সাংস্কৃতিক, সামাজিক আৰু ঐতিহাসিক বান্ধোনেৰে আমি সদায় ভাই-ভনীৰ দৰে আছোঁ। ভূমি তথা সীমা সম্পৰ্কীয় যিকোনো বিবাদ কেৱল শান্তিপূৰ্ণ আৰু সাংবিধানিক পদ্ধতিৰেহে নিষ্পত্তি কৰা উচিত।” Share this:FacebookX Related Post navigation নগাঁও লোকসভা উপ-নিৰ্বাচনঃ কংগ্ৰেছৰ সৈতে মিত্ৰতা নুই কৰি এআইইউডিএফৰ প্ৰাৰ্থী ঘোষণা স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি পদক ঘোষণা: অসম আৰক্ষীৰ ১৫ গৰাকী বিষয়া-জোৱানলৈ সন্মান