খেলি থকা দুই কণমানিৰ ওপৰত হঠাতে বাগৰি পৰিল ঘৰৰ বেৰ! গুজৰাটৰ মহীসাগৰ জিলাৰ বীৰপুৰৰ খাটা গাঁৱত বৃহস্পতিবাৰে পুৱা সংঘটিত এই ঘটনাত তিনি বছৰীয়া এগৰাকী কন্যা আৰু দুই বছৰীয়া এটি শিশুৰ মৃত্যু হয়।

জানিব পৰা মতে, এই মৰ্মান্তিক ঘটনাত নিহত কণমানি দুটি খাটা গাঁৱৰ পাগী জেছাভাইৰ দুই পুত্ৰ অজমেলভাই আৰু সঞ্জয়ভাইৰ সন্তান। একেৰাহে হোৱা বৰষুণৰ ফলত ঘৰটোৰ কেঁচা বেৰখন দুৰ্বল হৈ পৰিছিল। বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত ঘৰৰ কাষত খেলি থকা শিশুদুটাৰ ওপৰত হঠাতে খহি পৰে বেৰখন।

বেৰ খহি পৰাৰ লগে লগে ভগ্নাৱশেষৰ তলত পৰে অজমেল পাগীৰ তিনি বছৰীয়া কন্যা ৰাধিকা আৰু সঞ্জয় পাগীৰ দুই বছৰীয়া পুত্ৰ আয়ুষ। দুয়োটা শিশু সহোদৰ দুই ভাতৃৰ সন্তান আছিল।

ঘটনাৰ পিছতে পৰিয়ালৰ লোক আৰু স্থানীয় বাসিন্দাসকলে ঘটনাস্থলীত উপস্থিত হৈ শিশুদুটাক উদ্ধাৰৰ চেষ্টা কৰে। কিন্তু উদ্ধাৰৰ পূৰ্বেই মৃত্যু হয় দুয়োৰে।

দুই শিশুৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গাঁওখনত শোকৰ ছাঁ পৰে। ঘটনাটোৰ বিষয়ে খবৰ লাভ কৰি বীৰপুৰ আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *