Author: Paromita

১০ আগষ্টৰ পৰা পুনৰ আৰম্ভ পাঠদান; বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ বাবে বিকল্প ব্যৱস্থা অসম চৰকাৰৰ

দীৰ্ঘদিনীয়া বান পৰিস্থিতিৰ বাবে ব্যাহত হোৱা পাঠদান পুনৰ স্বাভাৱিক কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। শিৱসাগৰ, চৰাইদেউকে ধৰি বানাক্ৰান্ত জিলাসমূহৰ বিদ্যালয়ত ১০ আগষ্টৰ পৰা নিয়মীয়া শ্ৰেণী পাঠদান পুনৰ আৰম্ভ কৰাৰ…

ধেমাজিৰ নন্দিতা শইকীয়া হত্যাকাণ্ড; মৃত্যুদণ্ডৰ সলনি আজীৱন কাৰাদণ্ডৰ শাস্তি ৰিণ্টু শৰ্মাক

ধেমাজিৰ মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া হত্যাকাণ্ডৰ অভিযুক্ত ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ শাস্তি বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বুধবাৰে গুৰুত্বপূৰ্ণ ৰায়দান কৰি উচ্চ ন্যায়ালয়ে মৃত্যুদণ্ডৰ সলনি আজীৱন কাৰাদণ্ডৰ শাস্তি বিহে যদিও অভিযুক্তৰ…

নিজৰ লাইফ জেকেট খুলি ৰক্ষা কৰিলে কৃষকৰ জীৱন! পিছে বানৰ কোবাল সোঁতত নিজেই হেৰাল স্বেচ্ছাসেৱক ৰাজেশ

ভয়ংকৰ বান পৰিস্থিতিত ডুবিবলৈ ধৰা এজন কৃষকৰ জীৱন ৰক্ষা কৰি নিজেই প্ৰাণ উৎসৰ্গা কৰিলে এগৰাকী স্বেচ্ছাসেৱকে। বানৰ কোবাল সোঁতত উটি যোৱা ৬১ বছৰীয়া কৃষকজনক উদ্ধাৰ কৰাৰ পিছত নিজৰ গাত পিন্ধি…

নগাঁওৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ; ৰাজনীতিত যোগদানৰ জল্পনা

জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। আয়ুক্তগৰাকীয়ে চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সিদ্ধান্ত সদৰি কৰাৰ পিছতে তেওঁৰ সম্ভাৱ্য ৰাজনৈতিক পদাৰ্পণক লৈ ৰাজ্যজুৰি…

মানুহৰ দৰে আচৰণ শিককঃ হিন্দু-মুছলমান ৰাজনীতি বন্ধৰ আহ্বান বদৰুদ্দিন আজমলৰ

হিন্দু-মুছলমান ৰাজনীতি এৰি প্ৰথমে মানুহ হ’ব লাগে। বুধবাৰে বৰপেটা জিলাত এই মন্তব্য কৰে বিধায়ক তথা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে। ধৰ্মীয় বিভাজনৰ ৰাজনীতি কৰা নেতাসকলক তীব্ৰ সমালোচনা কৰি আজমলে কয়- এনে…

জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা পুনৰুদ্ধাৰৰ সংকল্প; অনুচ্ছেদ ৩৭০ বাতিলৰ সাত বছৰ পূৰ্তিত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ বাৰ্তা

অনুচ্ছেদ ৩৭০ বাতিলৰ সাত বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত পুনৰ জম্মু-কাশ্মীৰৰ বিশেষ সাংবিধানিক মৰ্যাদা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। জম্মু-কাশ্মীৰৰ অধিকাৰ আৰু স্বকীয় পৰিচয় ক্ষুণ্ণ কৰা সকলো সাংবিধানিক…

ধৰ্মীয় আইন থাকিলে মহিলাই কেতিয়াও সম অধিকাৰ নাপায়ঃ ইউচিচিৰ পোষকতা তছলিমা নাছৰিনৰ

যদি ধৰ্মীয় আইন বলৱৎ হৈ থাকে, তেন্তে মহিলাসকলে কেতিয়াও সম অধিকাৰ লাভ কৰিব নোৱাৰে। সমান অধিকাৰৰ ভিত্তিত একক নাগৰিক বিধি (ইউচিচি) প্ৰৱৰ্তনৰ পোষকতা কৰি এই মন্তব্য কৰে নিৰ্বাসিত বাংলাদেশী লেখিকা…

সহকৰ্মীলৈ নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি চৰম সিদ্ধান্ত চিআৰপিএফ জোৱানৰ; যোৰহাটৰ চিআৰপিএফ শিবিৰত নিহত ৩

প্ৰথমে সহকৰ্মীক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ, তাৰ পিছতে নিজৰ অস্ত্ৰৰে আত্মহনন কৰিলে এগৰাকী চিআৰপিএফ জোৱানে। মঙলবাৰে যোৰহাট জিলাৰ কাটিমাৰিস্থিত ৩৪ নং বেটেলিয়ন চিআৰপিএফ শিবিৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। এই…

অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত নিযুক্তি

দীঘলীয়া প্ৰশাসনিক অভিজ্ঞতাৰ স্বীকৃতি স্বৰূপে অসমৰ মুখ্য তথ্য আয়ুক্ত পদত নিযুক্তি লাভ কৰিছে অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰীয়ে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ এই নিযুক্তি প্ৰদান কৰে। ভাৰত ভূষণ দেৱচৌধুৰীয়ে ইয়াৰ…

শিৱসাগৰত পুনৰ উদ্ধাৰ্ দুজনৰ মৃতদেহ! ৮০ জনলৈ বৃদ্ধি অসমৰ বানত নিহতৰ সংখ্যা

উজনি অসমত এতিয়া বানৰ পৰিস্থিতি কিছু শাম কাটিছে যদিও এতিয়াও শেষ হোৱা নাই বান বিভীষিকাৰ কৰুণ অধ্যায়। বানপানীয়ে এৰি যোৱা ধ্বংসস্তূপ আৰু মৃত্যুৰ শোকৰ মাজতে বৃহস্পতিবাৰে পুনৰ দুজন লোকৰ মৃত্যু…