দীঘলীয়া প্ৰশাসনিক অভিজ্ঞতাৰ স্বীকৃতি স্বৰূপে অসমৰ মুখ্য তথ্য আয়ুক্ত পদত নিযুক্তি লাভ কৰিছে অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰীয়ে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ এই নিযুক্তি প্ৰদান কৰে।

ভাৰত ভূষণ দেৱচৌধুৰীয়ে ইয়াৰ পূৰ্বে দুবছৰ ধৰি অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল। বৰ্তমান তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপেও কৰ্মৰত।

বজালী জিলাৰ পাটাচাৰকুছিৰ সুসন্তান দেৱচৌধুৰীৰ এই নিযুক্তিক লৈ উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী।

পাটাচাৰকুছি প্ৰেছ ক্লাব, প্ৰাগজ্যোতি ক্লাবকে ধৰি বিভিন্ন দল-সংগঠনে তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নতুন দায়িত্বত সফলতা কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *