পশ্চিমবংগৰ চৰ্চিত নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধী ঐক্যক অগ্ৰাধিকাৰ দি কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে। নিজৰ মনোনীত প্ৰাৰ্থী সঞ্চিতা প্ৰধান দেই মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছতেই নন্দীগ্ৰামত আন কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰি কংগ্ৰেছৰ মিলন প্ৰধানক পূৰ্ণ সমৰ্থন দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে বেনাৰ্জীয়ে। ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সংহতি বজাই ৰখাৰ স্বাৰ্থত আৰু বিজেপি বিৰোধী ভোট বিভাজন ৰোধ কৰিবলৈকে এই ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰে। কিন্তু সমৰ্থন ঘোষণাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতেই সমগ্ৰ ঘটনাক্ৰমে লয় এক অপ্ৰত্যাশিত নাটকীয় মোৰ। ২০০৭ চনৰ নন্দীগ্ৰাম ভূমি অধিগ্ৰহণ আন্দোলনৰ এটা পুৰণি গোচৰৰ ভিত্তিত কংগ্ৰেছ প্ৰাৰ্থী মিলন প্ৰধানক হঠাৎ গ্ৰেপ্তাৰ কৰে ৰাজ্যিক আৰক্ষীয়ে। এই ঘটনাই নিৰ্বাচনৰ প্ৰাকক্ষণত সমগ্ৰ অঞ্চলটোৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্ৰ আলোড়নৰ। উল্লেখ্য যে ,দলীয় আভ্যন্তৰীণ বিবাদৰ বাবে নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছৰ মূল নাম আৰু চিৰপৰিচিত ‘ঘাঁহফুল’ প্ৰতীক সাময়িকভাৱে স্তব্ধ কৰি ৰাখিছে। তাৰ মাজতে শুভেন্দু অধিকাৰীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰতিদ্বন্দ্বিতাৰ কেন্দ্ৰস্থল তথা মমতা বেনাৰ্জীৰ উত্থানৰ সাক্ষী ঐতিহাসিক নন্দীগ্ৰামত কংগ্ৰেছ আৰু তৃণমূলৰ এই নতুন সমীকৰণে বিশেষ গুৰুত্ব লাভ কৰিছিল। কিন্তু অহা ৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ পূৰ্বেই সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী কাৰাৰুদ্ধ হোৱা কাৰ্যই নন্দীগ্ৰামৰ নিৰ্বাচনী যুঁজখনক এক নতুন অনিশ্চয়তা আৰু তীব্ৰ উত্তেজনাৰ মাজলৈ ঠেলি দিছে। Share this:FacebookX Related Post navigation ‘মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে’ – এই দাবীৰে চাকৰি দিবলৈ অস্বীকাৰ ইণ্ডিয়ান অইলৰ! এতিয়া ভৰিব লাগিব ১২ লাখ টকাৰ জৰিমনা