আগন্তুক দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত স্থান লাভ কৰিছে অসমৰ জিন্তিমণি কলিতাই। সোঁহতীয়া মধ্যম গতিৰ বলাৰ আৰু বাওঁহতীয়া বেটাৰ জিন্তিমণিৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় দলত এই নিৰ্বাচন তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু অসম ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ভাৰতীয় মহিলা দলটোৱে ডিচেম্বৰ মাহত এটা টেষ্ট, তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচৰ এক শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰাৰ কথা আছে। জিন্তিমণিক অভিনন্দন জনাই অসম ক্ৰিকেট সন্থাই তেওঁৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট যাত্ৰাত এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে ধাৰাবাহিক সফলতা কামনা কৰিছে। সন্থাই এক বিবৃতিত কয়, “তেওঁৰ এই সাফল্য সমগ্ৰ অসমৰ উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস।” Share this:FacebookX Related Post navigation হেমিণ্টনত বৰষুণৰ বাবে বাতিল তৃতীয় এদিনীয়া ৰেলৱে সুৰক্ষা বাহিনীৰ তিনিদিনীয়া অভিযানত আঠটি শিশু উদ্ধাৰ, চাৰিজনক আটক ২.০৮ কোটিৰ সামগ্ৰী জব্দ