স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আশাত চেঁচাপানী ঢালিছে দেশখনৰ বৰ্তমানৰ চৰকাৰে। নতুন পাছপ’ৰ্ট বিচাৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দাখিল কৰা আবেদন পোনপটীয়াকৈ নাকচ কৰে বাংলাদেশ চৰকাৰে। দেশখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবীৰে স্পষ্ট কৰি দিয়ে যে আদালতৰ দ্বাৰা মৃত্যুদণ্ডৰে দণ্ডিত হোৱাৰ বাবেই হাছিনাক নতুন পাছপ’ৰ্ট প্ৰদান কৰিব নোৱাৰি। ইয়াৰ বিপৰীতে দুয়োখন দেশৰ মাজত থকা বন্দী প্ৰত্যৰ্পণ চুক্তিৰ অধীনত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ওভতাই পঠিয়াবলৈ ভাৰতৰ ওচৰত দাবী তুলিছে ঢাকাই।

নতুন পাছপ’ৰ্ট বিচাৰি হাছিনাই কৰা আবেদনক সম্পূর্ণ অবান্তৰ আখ্যা দিয়ে বৈদেশিক ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবীৰে। হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা এগৰাকী ব্যক্তিৰ এনে চৰকাৰী নথি-পত্ৰ বিচৰাৰ কোনো অধিকাৰ নাই বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কয়। ইয়াৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ হৈ ওকালতি কৰা লোকসকলৰ ভূমিকাক লৈও মন্ত্ৰী কবীৰে প্ৰশ্ন উত্থাপন কৰে।

বাংলাদেশ চৰকাৰে এই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পূৰ্বে অহা ডিচেম্বৰ মাহত স্বদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল শ্বেখ হাছিনাই। সেই উদ্দেশ্যেই তেওঁৰ অধিবক্তাসকলে নতুন দিল্লীস্থিত বাংলাদেশ উচ্চায়ুক্তৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰি নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ (এনআইডি) প্ৰদানৰ বাবে আবেদন জনাইছিল। কিন্তু ঢাকাৰ শেহতীয়া এই সিদ্ধান্তই হাছিনাৰ স্বদেশ প্ৰত্যাৱৰ্তনৰ পথত নতুন জটিলতাৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *