ভাৰতীয় ফুটবলৰ মহাতাৰকা সুনীল ছেত্ৰীয়ে ‘ফিফা প্লেয়াৰ ইম্পেক্ট প্ৰগ্ৰেম’ৰ জৰিয়তে বিশ্বজুৰি সামাজিক পৰিৱৰ্তন আনিবলৈ আৰু বিভিন্ন সম্প্ৰদায়ক অনুপ্ৰাণিত কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষাৰ সম্প্ৰসাৰণ, মানসিক স্বাস্থ্য সুৰক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰখনত সমঅধিকাৰ লাভৰ দৰে গুৰুত্বপূৰ্ণ সামাজিক বিষয়ক লৈ কাম কৰাৰ উদ্দেশ্যে বিশ্বৰ নিৰ্বাচিত ফুটবলাৰসকলক একত্ৰিত কৰাৰ বাবে ফিফাই এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। ফিফা প্লেয়াৰ ইম্পেক্ট প্ৰগ্ৰেমৰ এই দ্বিতীয় সংস্কৰণত সুনীল ছেত্ৰী হ’ল অন্তৰ্ভুক্ত হোৱা প্ৰথমজন পুৰুষ ফুটবলাৰ। তেওঁৰ সৈতে স্পেনৰ বিশ্বকাপ বিজয়ী মহিলা ফুটবলাৰ এলেক্সিয়া পুটেলাছৰ দৰে তাৰকা খেলুৱৈ সকলো এই যৌথ মঞ্চত স্থান পাইছে। ২০২৫ চনত সফলতাৰে সম্পন্ন হোৱা কেৱল মহিলা খেলুৱৈসকলৰ পাইলট প্ৰকল্পৰ পাছত, চলিত বৰ্ষৰ জুন মাহত আমেৰিকাৰ বষ্টনত ১১ গৰাকী তাৰকা খেলুৱৈ একত্ৰিত হৈছিল। অহা ডিচেম্বৰ মাহত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া মূল সন্মিলনত ছেত্ৰীকে ধৰি সকলো অংশগ্ৰহণকাৰীয়ে নিজৰ নিজৰ সমাজসেৱামূলক প্ৰকল্পসমূহ আনুষ্ঠানিকভাৱে উপস্থাপন কৰিব। ২০০৫ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ভাৰতৰ হৈ ১৫০ তকৈও অধিক মেচ খেলা ৪২ বছৰীয়া ভাৰতীয় অধিনায়কজনে ফিফাক জনায়— মই এই সুযোগ পাই অতিশয় আনন্দিত। ইয়াত শিকা পাঠসমূহ বাস্তৱত ৰূপায়ণ কৰিবলৈ মই আৰু ৰ’ব পৰা নাই। মোৰ মতে ইয়াত পুৰুষ আৰু মহিলাৰ কোনো পাৰ্থক্য নাই; আমি কেৱল বিশ্বৰ বিভিন্ন প্ৰান্তৰ উন্নতমানৰ তাৰকা খেলুৱৈসকলক একেলগে লগ পাইছো। ফিফায়ে প্ৰকাশ কৰা অনুসৰি, খেলুৱৈসকলৰ প্ৰভাৱ কেৱল খেলপথাৰতে সীমাৱদ্ধ নাথাকে। খেলপথাৰৰ বাহিৰতো সমাজত ইতিবাচক প্ৰভাৱ পেলাই ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ এক অনন্য সুযোগ এই কাৰ্যসূচীয়ে গঢ়ি তুলিছে। Share this:FacebookX Related Post navigation দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত অসমৰ ক্ৰিকেটাৰ জিন্তিমণি কলিতা নিৰ্বাচিত