নিউজিলেণ্ডৰ হেমিণ্টনৰ ছেডন পাৰ্কত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচখন বৰষুণৰ বাবে বল পেলোৱাৰ পূৰ্বেই বাতিল ঘোষণা কৰা হয়। মেচখনৰ আৰম্ভণিতে ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। দৰ্শকৰ সুবিধাৰ বাবে মেচখন ৪০ অভাৰলৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও প্ৰতিকূল বতাহ-বৰষুণৰ বাবে সেয়া সম্ভৱ হৈ উঠিলৈ। প্ৰথম দুখন এদিনীয়াত বিজয় সাৱ্যস্ত কৰাৰ পিছত বৰ্তমান টীম ইণ্ডিয়াই শৃংখলাটোত এক সুদৃঢ় অৱস্থানত আছে। চলিত শৃংখলাত মাউণ্ট মাংগানুইৰ বে অ’ভেলত আৰু দুখন মেচ বাকী থকা অৱস্থাত নিউজিলেণ্ডে সৰ্বাধিক ২-২ ব্যৱধানত শৃংখলা ড্র কৰাৰহে সুযোগ পাব। ফলত ২০১৯ চনৰ পিছত ঘৰৰ মাটিত ভাৰতৰ হাতত প্ৰথমবাৰৰ বাবে এদিনীয়া শৃংখলা হাৰাৰ আশংকাই দেখা দিছে কিৱি দলটোক। মেচখন বাতিল হোৱাৰ পিছত অধিনায়ক গিলে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে, বৰষুণৰ এনে অনিশ্চিত পৰিস্থিতি সঁচাকৈয়ে হতাশাজনক। উল্লেখ্য যে, একুৱেডাৰৰ বতৰৰ পূৰ্বানুমান অনুসৰি সমগ্ৰ দিনজুৰি বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছিল, যিয়ে অৱশেষত মেচখন সম্পূৰ্ণৰূপে বাতিল কৰে। Share this:FacebookX Related Post navigation ২০২৮ৰ নেচন্স চেম্পিয়নশ্বিপৰ ফাইনেল আয়োজনৰ পৰা আঁতৰিল কাটাৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত অসমৰ ক্ৰিকেটাৰ জিন্তিমণি কলিতা নিৰ্বাচিত