মণিপুৰৰ ৰাজ্যপাল শ্ৰী অজয় কুমাৰ ভাল্লাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ষষ্ঠ সংযোজন এলেকা ভ্ৰমণ কৰি উদ্যানখনৰ চহকী প্ৰাকৃতিক ঐতিহ্য প্ৰত্যক্ষ কৰে।

ভোমোৰাগুৰিত নাও চাফাৰিৰে এই ভ্ৰমণ আৰম্ভ হয়, য’ত মাননীয় ৰাজ্যপালগৰাকীয়ে যথেষ্ট সংখ্যক ডলফিন প্ৰত্যক্ষ কৰে। ডলফিনৰ উপস্থিতি পানীৰ গুণগত মান আৰু সুস্থ জলজ পৰিৱেশ তন্ত্ৰৰ এক জৈৱিক সূচক, যিয়ে এই অঞ্চলটোত চলি থকা সংৰক্ষণ প্ৰচেষ্টাৰ সফলতা প্ৰতিফলিত কৰে।

ইয়াৰ পিছত তেওঁ জংঘল চাফাৰিৰ বাবে পানপুৰ অঞ্চললৈ যায়, য’ত তেওঁ কাজিৰঙাৰ উদ্ভিদ আৰু প্ৰাণীজগতৰ বৈচিত্ৰ্য তথা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে।

কাজিৰঙাৰ উত্তৰ পাৰ লাহে লাহে এক অন্যতম জনপ্ৰিয় পৰিৱেশ পৰ্যটন (ecotourism) কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে। ইয়াৰ উপৰিও ইয়াত থলুৱা সম্প্ৰদায়ৰ ওপৰত আধাৰিত পৰ্যটন যেনে হোমষ্টে’, জনজাতীয় খাদ্য কেন্দ্ৰ, হস্তশিল্পৰ বিক্ৰী, কায়াকিং, দুঃসাহসিক ক্ৰীড়া আদিৰ প্ৰচুৰ সম্ভাৱনা আছে, যিয়ে স্থানীয় লোকসকলৰ জীৱিকাৰ সুযোগ বৃদ্ধি কৰিব পাৰে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *