উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে চলোৱা অভিযানত ৰঙিয়া, নিউ বঙাইগাঁও, কাটিহাৰ, নিউ জলপাইগুড়ী আৰু গুৱাহাটী ৰে’লৱে ষ্টেচনত মুঠ আঠটি শিশুক উদ্ধাৰ কৰে। উদ্ধাৰ কৰা শিশুসকলৰ ভিতৰত ছয়জন ল’ৰা আৰু দুজনী ছোৱালী আছিল। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি এই সময়ছোৱাত বাহিনীৰ জোৱানসকলে আগৰতলা আৰু লামডিং ৰে’লৱে ষ্টেচনত ৰে’লগাড়ীৰ ভিতৰত দুগৰাকী মহিলা যাত্রীক প্ৰসৱকালীন চিকিৎসা প্ৰদানেৰে সহায়ো আগবঢ়ায়। তাৰ ভিতৰত ৪ নৱেম্বৰত আগৰতলা ৰে’লৱে ষ্টেচনত কৰ্তব্যৰত জোৱানসকলে এখন উজনিমুৱা ৰে’লত এগৰাকী মহিলা যাত্রীক প্ৰসৱকালীন সহায় আগবঢ়ায়। যাত্ৰীগৰাকীয়ে এটি পুত্র সন্তান জন্ম দিয়ে। পৰৱৰ্তী চিকিৎসাৰ বাবে তেওঁক এম্বুলেঙ্কেৰে আগৰতলাৰ জি বি চিকিৎসালয়লৈ নিয়া হয়। ৫ নৱেম্বৰত লামডিং ৰে’লৱে ষ্টেচনত এগৰাকী মহিলা হেড কনিষ্টবলসহ আৰ পি এফৰ এটা দলে নামনিমুৱা এখন ৰে’লত এগৰাকী মহিলা যাত্রীক প্ৰসৱকালত সহায় কৰে। যাত্ৰীগৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়ে। ইয়াৰ উপৰিও এই সময়ছোৱাত পৃথক অভিযানত চাৰিটা ঘটনাৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰে আৰ পি এফৰ অভিযানকাৰী দলে । অভিযানকাৰী দলসমূহে বদৰপুৰত চাৰিটা পিষ্টল আৰু চাৰিটা মেগাজিন, হাৰমতীত প্রায় ২০ হাজাৰ টকা মূল্যৰ নকল সোণৰ চাৰিটা টুকুৰা, নিউ জলপাইগুড়ীত প্রায় ২ কোটি টকা মূল্যৰ ১.০৩১ কিলোগ্রাম ব্রাউন দুগাৰ আৰু কামাখ্যাত প্ৰায় ১৭ হাজাৰ টকা মূল্যৰ এটা চুৰি হোৱা মোবাইল ফোন উদ্ধাৰ কৰে। অন্যান্য অভিযানত প্রায় ৬.৮০ লাখ টকা মূল্যৰ ১৩.০৬ কিলোগ্রাম গাঞ্জা আৰু ৬.৮০ লাখ টকাৰ ৪৪৯ বটল সুৰা উদ্ধাৰ কৰা হয়। কাটিহাৰত আন এক অভিযানত ৬.৭৫০ লিটাৰ সুৰা জব্দ কৰা হয়। Share this:FacebookX Related Post navigation দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত অসমৰ ক্ৰিকেটাৰ জিন্তিমণি কলিতা নিৰ্বাচিত অসমৰ যোৰহাটত চাৰিজন সন্দেহযুক্ত গঁড় চিকাৰী গ্ৰেপ্তাৰ