ধেমাজিৰ মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া হত্যাকাণ্ডৰ অভিযুক্ত ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ শাস্তি বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বুধবাৰে গুৰুত্বপূৰ্ণ ৰায়দান কৰি উচ্চ ন্যায়ালয়ে মৃত্যুদণ্ডৰ সলনি আজীৱন কাৰাদণ্ডৰ শাস্তি বিহে যদিও অভিযুক্তৰ বিৰুদ্ধে নিম্ন আদালতে দোষী সাব্যস্ত কৰা ৰায় অক্ষুণ্ণ ৰাখে।

মুখ্য ন্যায়াধীশ অশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এই ৰায়দান কৰে। ধেমাজি জিলা আৰু সত্ৰ ন্যায়ালয়ে পূৰ্বে প্ৰদান কৰা মৃত্যুদণ্ডৰ শাস্তি সংশোধন কৰি ৰিণ্টু শৰ্মাক আজীৱন কাৰাদণ্ড ভোগ কৰাৰ নিৰ্দেশ দিয়ে খণ্ড বিচাৰপীঠে।

২০২১ চনৰ ২১ আগষ্টত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছতে মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই দাৰে আক্ৰমণ কৰিছিল বুলি আদালতৰ নথিপত্ৰত উল্লেখ আছে। পিতৃ আৰু এগৰাকী বন্ধুৰ সৈতে ঘৰলৈ উভতি অহা সময়ত নন্দিতাৰ ওপৰত এই আক্ৰমণ সংঘটিত হৈছিল।

গুৰুতৰভাৱে আহত নন্দিতা শইকীয়াক প্ৰথমে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও আক্ৰমণৰ পাঁচ দিন পিছত তেওঁৰ মৃত্যু ঘটে।

এই ঘটনাৰ বিচাৰ সম্পন্ন কৰি ধেমাজি জিলা আৰু সত্ৰ ন্যায়ালয়ে ৰিণ্টু শৰ্মাক দোষী সাব্যস্ত কৰাৰ লগতে অপৰাধটোক জঘন্য আখ্যা দি মৃত্যুদণ্ডৰ শাস্তি বিহিছিল। সেই ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত আপীল দাখিল কৰিছিল ৰিণ্টু শৰ্মাই।

আপীলৰ শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰাৰ ৰায় বহাল ৰাখে যদিও শাস্তিৰ পৰিমাণ পুনৰ্বিবেচনা কৰি মৃত্যুদণ্ডৰ সলনি আজীৱন কাৰাদণ্ড বিহে। অৰ্থাৎ, অভিযুক্তৰ দোষী সাব্যস্ত হোৱাৰ সিদ্ধান্তত কোনো পৰিৱৰ্তন নঘটিলেও শাস্তিৰ ধৰণতহে সংশোধন আনে উচ্চ ন্যায়ালয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *