অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক শেহতীয়া গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে যে উদ্যোগিক পোল্ট্ৰি ফাৰ্মিং অৰ্থাৎ ব্যৱসায়িকভাৱে হাঁহ-কুকুৰা পালনৰ অনিয়ন্ত্ৰিত বৃদ্ধিৰ বাবে ‘কেম্পিল’বেক্টৰ’ নামৰ অতি ভয়ানক বেক্টেৰিয়াৰ সংক্ৰমণ ১০০ গুণতকৈও অধিক বৃদ্ধি পাইছে। এই গৱেষণা অনুসৰি, খাদ্যত বিষক্ৰিয়া আৰু ডায়েৰিয়াৰ বাবে দায়ী এই বেক্টেৰিয়াবোৰে এতিয়া এন্টিবায়োটিক ঔষধৰ বিৰুদ্ধেও প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে, যাৰ ফলত ইয়াৰ চিকিৎসা পূৰ্বতকৈ অত্যন্ত কঠিন হৈ পৰিছে।

১৯৬০ চনৰ পৰা পৃথিৱীত কুকুৰাৰ সংখ্যা ৭ গুণ বৃদ্ধি পাই প্ৰায় ৩,১০০ কোটি হৈছেগৈ। এই ঘন জনবসতিপূৰ্ণ পোল্ট্ৰি ফাৰ্মসমূহ বেক্টেৰিয়া গঢ়ি উঠা আৰু বিয়পি পৰাৰ প্ৰধান স্থান হৈ পৰিছে। এসময়ত কেৱল বনৰীয়া চৰাইৰ মাজত সীমাবদ্ধ থকা এই বেক্টেৰিয়াবোৰ এতিয়া ব্যৱসায়িক কুকুৰাৰ ফাৰ্মসমূহলৈ সম্প্ৰসাৰিত হৈছে। পোল্ট্ৰি ফাৰ্মত সৃষ্টি হোৱা অনিয়ন্ত্ৰিত পৰিবেশৰ বাবে বেক্টেৰিয়াবোৰে এনে জিনীয় পৰিৱৰ্তন ঘটাইছে, যাৰ ফলত সাধাৰণ এন্টিবায়োটিক ঔষধেও কাম নকৰা হৈ পৰিছে।

বিজ্ঞানীসকলে সকীয়াই দিছে যে অধিক আৰু সুলভ মাংস উৎপাদনৰ দৌৰত প্ৰকৃতিৰ নিয়ম উলংঘা কৰাৰ ফলত মানৱ সমাজৰ বাবে এটা ডাঙৰ ‘ছুপাৰবাগ টাইম বম’ গঢ়ি উঠিছে, যিয়ে ভৱিষ্যতে জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব।

Leave a Reply

Your email address will not be published. Required fields are marked *