জনজাতীয় সমাজ আৰু তেওঁলোকৰ খাদ্যাভ্যাসক লৈ কৰা এক আপত্তিজনক মন্তব্যক কেন্দ্ৰ কৰি ত্ৰিপুৰাৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যমত এই বক্তব্য ভাইৰেল হৈ পৰাৰ পিছত সৃষ্টি হোৱা তুমুল বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে ক্ষমা প্রার্থনা বিচাৰে শাসকীয় বিজেপিৰ বক্সানগৰ সমষ্টিৰ বিধায়ক তোফাজ্জল হুছেইনে। তেওঁৰ মন্তব্যক ভুলকৈ বুজা হোৱা বুলি দাবী কৰি বিধায়কগৰাকীয়ে কয় যে প্ৰসংগৰ বাহিৰত গৈহে তেওঁৰ ভাষণৰ অংশবিশেষ প্ৰচাৰ কৰা হৈছে।

এক নিৰ্বাচনী সভাত ভাষণ দি থকা অৱস্থাত জনজাতীয় লোকসকলৰ খাদ্যাভ্যাসক লৈ বিধায়ক হুছেইনে কেতবোৰ কটু মন্তব্য আগবঢ়াইছিল। সামাজিক মাধ্যমত ভাইৰেল হোৱা উক্ত ভাষণটোত বিধায়কগৰাকীয়ে কৈছিল, “সকলো জনজাতীয় গোষ্ঠীৰ লোকে জন্মৰে পৰা গাহৰিৰ সৈতে শোৱে, গাহৰিৰ জাকৰ মাজত থাকি গাহৰি ব্যৱহাৰ কৰিয়েই সকলো কাম কৰে। তেওঁলোকে গাহৰি নাখায় নেকি? এই তিপ্ৰা মথা পাৰ্টিটো কাৰ দল?” শাসকীয় দলৰ বিধায়কগৰাকীৰ এই মন্তব্যক লৈ ৰাজ্যজুৰি তীব্ৰ সমালোচনাৰ জোৱাৰ উঠে।

চৌদিশৰ পৰা সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত বৃহস্পতিবাৰে নিজৰ স্থিতি স্পষ্ট কৰে বিধায়ক তোফাজ্জল হুছেইনে। পৌৰ নিৰ্বাচন উপলক্ষে ঘৰে ঘৰে চলোৱা প্ৰচাৰ অভিযানত মুছলমান সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰি থাকোঁতে এই মন্তব্য কৰা বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে।

তেওঁ দাবী কৰা মতে মুছলমান লোকে বিজেপিক ভোট দিব নালাগে বুলি চিপিআই(এম) দলে দীৰ্ঘদিন ধৰি চলাই অহা এক প্ৰচাৰৰহে তেওঁ প্ৰত্যুত্তৰ দিছিল। ভাষণটোৰ নিৰ্দিষ্ট কেইটামান অংশহে সামাজিক মাধ্যমত প্ৰচাৰ কৰি ভুল বুজাবুজিৰ সৃষ্টি কৰা বুলি অভিযোগ তোলে হুছেইনে। জনজাতীয় সমাজখনক অপমান কৰা বা তেওঁলোকৰ আৱেগত আঘাত হনাৰ কোনো উদ্দেশ্য নাছিল বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়, “মোৰ মন্তব্যই যদি কোনো জনজাতীয় ভাতৃ-ভগ্নীৰ মনত আঘাত দিছে, তেন্তে মই অন্তৰৰ গভীৰতাৰ পৰা আন্তৰিকতাৰে ক্ষমা বিচাৰিছোঁ।”

ত্ৰিপুৰাত পৰম্পৰাগতভাৱে জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত থকা সম্প্ৰীতি অটুট ৰাখিবলৈ এনডিএ চৰকাৰ সদায়েই দায়বদ্ধ বুলিও তেওঁ দোহাৰে।

বিধায়কগৰাকীয়ে ক্ষমা বিচাৰিলেও এই সমগ্ৰ ঘটনাক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে তিপ্ৰা মথা দলৰ প্ৰতিষ্ঠাপক প্ৰদ্যুৎ কিশোৰ মাণিক্য দেৱবৰ্মাই। উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ খাদ্যাভ্যাস আৰু সাংস্কৃতিক পৰম্পৰাক কোনেও উপলুঙা কৰিব নালাগে বুলি এক ভিডিঅ’ বাৰ্তাযোগে সকীয়াই দিয়ে দেৱবৰ্মাই।

তেওঁ কয়, “আমি কুকুৰা, ছাগলী বা গাহৰিৰ মাংস যিয়েই নাখাওঁ কিয়- এইটো আমাৰ নিজা পছন্দ, আমাৰ সংস্কৃতি আৰু আমাৰ পৰম্পৰাগত খাদ্য।” উত্তৰ-পূবৰ জনসাধাৰণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হোৱা ইউটিউবাৰ পৰশ তোমাৰৰ সৈতে বিজেপি বিধায়কগৰাকীৰ এই মন্তব্যক তুলনা কৰে তিপ্ৰা মথাৰ মুৰব্বীগৰাকীয়ে।

জনজাতীয় সমাজখনৰ প্ৰতি বিধায়ক হুছেইনৰ এনে মানসিকতাক লৈ প্ৰশ্ন উত্থাপন কৰি দেৱবৰ্মাই এনে ভাষাৰ বিৰোধিতা কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে ত্ৰিপুৰাবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ বিধায়কগৰাকীক দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *