ৰাজ্যৰ উচ্ছেদিত পৰিয়ালসমূহৰ বাবে আহিল এক বৃহৎ সকাহ। উচ্ছেদিত পৰিয়ালক তাৎক্ষণিকভাৱে পুনৰ সংস্থাপন, পুনৰ্বাসন আৰু ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

গোৱালপাৰাৰ হাচিলা বিল, কামৰূপৰ বঙৰা আৰু নগাঁৱৰ কচুৱাত উচ্ছেদিত পৰিয়ালসমূহৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে।

উল্লেখ্য যে, উচ্ছেদৰ ফলত বাসস্থান হেৰুওৱা পৰিয়ালসমূহৰ পুনৰ্বাসন আৰু ক্ষতিপূৰণৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিছে উচ্চ ন্যায়ালয়ে।

ন্যায়ালয়ে অহা ১৬ ডিচেম্বৰৰ পূৰ্বে উচ্ছেদিত পৰিয়ালসমূহক চৰকাৰে কেনেদৰে ক্ষতিপূৰণ প্ৰদান কৰিব আৰু পুনৰ্বাসনৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেই সম্পৰ্কে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

এই নিৰ্দেশৰ পিছতে উচ্ছেদিত পৰিয়ালসমূহৰ মাজত নতুন আশাৰ সঞ্চাৰ হৈছে। দীৰ্ঘদিন ধৰি অনিশ্চয়তাৰ মাজত থকা পৰিয়ালসমূহে এতিয়া চৰকাৰৰ পৰৱৰ্তী পদক্ষেপলৈ অপেক্ষা কৰিছে।

উচ্ছেদৰ পিছত ঘৰ-বাৰী হেৰুওৱা পৰিয়ালসমূহৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *