বলীউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগনে বুধবাৰে গুৱাহাটীৰ লাচিত নগৰ আৰু এ টি ৰোডস্থিত কল্যাণ জুৱেলাৰ্ছৰ নতুনকৈ সজোৱা শ্ব’ৰুম দুটা উদ্বোধন কৰে। ন ৰূপত সজাই তোলা শ্ব’ৰুমকেইটাত এক নতুন পৰিৱেশ আৰু কল্যাণ জুৱেলাৰ্ছৰ জনপ্ৰিয় সংগ্ৰহসমূহৰ অলংকাৰৰ এক বিস্তৃত পৰিসৰ প্ৰদৰ্শন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত নিজৰ অনুভৱ ব্যক্ত কৰি অজয় দেৱগনে কয় যে আস্থা, স্বচ্ছতা আৰু গ্ৰাহক-প্ৰথম দৃষ্টিভংগীৰ সৈতে জড়িত এটা ব্ৰেণ্ডক প্ৰতিনিধিত্ব কৰিবলৈ পাই অতিশয় আনন্দিত হৈছে আৰু গুৱাহাটীৰ গ্ৰাহকসকলে ইয়াৰ সামগ্ৰী আৰু সেৱাসমূহ আদৰি ল’ব বুলি অভিনেতাজনে দৃঢ় বিশ্বাস প্ৰকাশ কৰে।কল্যাণ জুৱেলাৰ্ছৰ কাৰ্যবাহী সঞ্চালক ৰমেশ কল্যাণৰমনে এই বিষয়ে কয় যে, কোম্পানীটোৱে এক সম্প্ৰসাৰিত সামগ্ৰী পৰ্টফলিঅ’ আৰু এক বিস্তৃত গ্ৰাহক পৰিস্থিতিতন্ত্ৰৰ জৰিয়তে বজাৰ কৰাৰ অভিজ্ঞতা ন ৰূপত অন্বেষণ কৰাত গুৰুত্ব আৰোপ কৰিছে। ব্ৰেণ্ডটোৰ প্ৰতি ধাৰাবাহিক সমৰ্থন আৰু আস্থাৰ বাবে উঃ-পূবৰ গ্ৰাহকসকলক ধন্যবাদ জ্ঞাপন কৰে।এই মুকলিৰ অংশ হিচাপে কোম্পানীটোৱে গঢ়নি খৰচ(মেকিং চাৰ্জ)ত ৩০% ৰেহাই আৰু পুৰণি সোণ সলনিৰ ক্ষেত্ৰত কোনো কৰ্তন নকৰা(জিৰো ডিডাকচন)ৰ লগতে কেইবাটাও আকৰ্ষণীয় অফাৰ আগবঢ়াইছে, যিসমূহ নিয়ম আৰু চৰ্তাৱলীৰ অধীন হ’ব। গ্ৰাহকসকলে কল্যাণৰ বিশেষ গ’ল্ড বৰ্ড ৰেটৰ সুবিধাও লাভ কৰিব।শ্ব’ৰুমকেইটাত মুহূৰত, মুধ্ৰা, নিমা, গ্ল’, জিয়া, অনোখী, অপূৰ্ব, অন্তৰা, হেৰা, ৰং আৰু লীলা আদি সংগ্ৰহসমূহ উপলব্ধ হ’ব।কল্যাণ জুৱেলাৰ্ছে জনোৱা অনুসৰি সকলো অলংকাৰ বিআইএচ-হলমাৰ্কযুক্ত আৰু কেইবাটাও বিশুদ্ধতা পৰীক্ষাৰ মাজেৰে পাৰ হয়। গ্ৰাহকসকলে সোণৰ বিশুদ্ধতা, আজীৱন তত্বাৱধান, সামগ্ৰীৰ তথ্য আৰু বিনিময় তথা ক্ৰয়-ব্যাক নীতি সামৰি লোৱা ইয়াৰ ৪-স্তৰীয় আশ্বাস প্ৰমাণপত্ৰও লাভ কৰিব।ত্ৰিশূৰত মুখ্য কাৰ্যালয় থকা কল্যাণ জুৱেলাৰ্ছে ভাৰত, মধ্যপ্ৰাচ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যুক্তৰাজ্যৰ ৪০০তকৈও অধিক শ্ব’ৰুম পৰিচালনা কৰি আছে। Share this:FacebookX Related Post navigation ইউৰোপীয় চহৰসমূহত সুলভ বৈদ্যুতিক বাহনৰ সম্প্ৰসাৰণৰ বাবে নিছানে উন্মোচন কৰিলে পিক্সো