অনুচ্ছেদ ৩৭০ বাতিলৰ সাত বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত পুনৰ জম্মু-কাশ্মীৰৰ বিশেষ সাংবিধানিক মৰ্যাদা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। জম্মু-কাশ্মীৰৰ অধিকাৰ আৰু স্বকীয় পৰিচয় ক্ষুণ্ণ কৰা সকলো সাংবিধানিক আৰু প্ৰশাসনিক সিদ্ধান্ত ওলোটাই দিয়াৰ লক্ষ্যত নেশ্যনেল কনফাৰেন্স অটল বুলিও সদৰি কৰে তেওঁ। ছ’চিয়েল মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এক বাৰ্তাত ওমৰ আব্দুল্লাই কয়, “সাত বছৰ পাৰ হ’ল। আমি পাহৰা নাই, বৰ্তমানৰ পৰিস্থিতিকো মানি লোৱা নাই। মোৰ দল আৰু মই জম্মু-কাশ্মীৰৰ অধিকাৰ কাঢ়ি লোৱা আৰু আমাৰ স্বকীয় পৰিচয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সকলো সিদ্ধান্ত ওলোটাই দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।” একে বাৰ্তাতে আমেৰিকাৰ কবি ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা ষ্টপিং বাই দা উডছ অন এ স্ন’য়ি ইভেনিংৰ কেইবাটাও শাৰী উদ্ধৃত কৰি সন্মুখত এতিয়াও দীঘলীয়া পথ বাকী থকা বুলিও উল্লেখ কৰে আব্দুল্লাই। উল্লেখ্য, ২০১৯ চনৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিল কৰি জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰে। একে সিদ্ধান্তৰ জৰিয়তে পূৰ্বৰ ৰাজ্যখনক পুনৰ্গঠন কৰি জম্মু-কাশ্মীৰ আৰু লাডাখ নামে দুটা কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰে। ইফালে, নেশ্যনেল কনফাৰেন্সৰ অধ্যক্ষ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই কয় যে, সংসদ আৰু দেশবাসীক কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা উচিত। তেওঁ কয়, “চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালন কৰা উচিত। জম্মু-কাশ্মীৰৰ জনসাধাৰণ আৰু সমগ্ৰ দেশক দিয়া আশ্বাস পূৰণ কৰিব লাগে।” আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে অনুচ্ছেদ ৩৭০ বাতিল আৰু জম্মু-কাশ্মীৰৰ পুনৰ্গঠনক “সংবিধানৰ ওপৰত সংঘটিত এক অমান্যতা” বুলি অভিহিত কৰে। ৰাজ্য এখনক বিভাজন কৰি কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰ কৰাৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন এতিয়াও নিষ্পত্তি হোৱা নাই বুলি উল্লেখ কৰাৰ লগতে ৰাজ্যৰ মৰ্যাদা কেতিয়া পুনৰুদ্ধাৰ কৰা হ’ব, সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰা উচিত বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে। জম্মু-কাশ্মীৰক পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবীত নেশ্যনেল কনফাৰেন্সে দীৰ্ঘদিন ধৰি সৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে। সংসদ আৰু উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা আশ্বাস অনুসৰি ৰাজ্যৰ মৰ্যাদা পুনঃপ্ৰতিষ্ঠাৰ দাবী দলটোৱে পুনৰ উত্থাপন কৰে। Share this:FacebookX Related Post navigation অসমৰ মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত বানত মৃত্যু হোৱা ১০ জনৰ পৰিয়াললৈ ৫ লাখ টকাৰ চেক প্ৰদান কৰিলে গুৱাহাটীৰ বিমল কাৰ্ছত টাটা মটৰ্ছে মুকলি কৰিলে টাটা ছিয়েৰা.ইভি