উজনি অসমত এতিয়া বানৰ পৰিস্থিতি কিছু শাম কাটিছে যদিও এতিয়াও শেষ হোৱা নাই বান বিভীষিকাৰ কৰুণ অধ্যায়। বানপানীয়ে এৰি যোৱা ধ্বংসস্তূপ আৰু মৃত্যুৰ শোকৰ মাজতে বৃহস্পতিবাৰে পুনৰ দুজন লোকৰ মৃত্যু হোৱাত ৰাজ্যখনত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি পায়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰা তথ্য অনুসৰি, শিৱসাগৰ জিলাত বিগত ২৪ ঘণ্টাত দুজন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত এজন কিশোৰো আছে, যি বানপানীত ডুব গৈ প্ৰাণ হেৰুৱায়। বৰ্তমান ৰাজ্যৰ গোলাঘাট, শিৱসাগৰ, বিশ্বনাথ, চৰাইদেউ, কামৰূপ মহানগৰ, যোৰহাট, ধেমাজি আৰু নগাঁওকে ধৰি আঠখন জিলাৰ ২ লাখ ১২ হাজাৰ ৪০০ জন লোক এতিয়াও বানৰ প্ৰভাৱত আছে। ২১টা ৰাজহ চক্ৰ আৰু ৪৩৭খন গাঁও এতিয়াও পানীৰ তলত ডুব গৈ আছে। চৰাইদেউত সৰ্বাধিক প্ৰায় ৮০ হাজাৰ লোক বানাক্ৰান্ত হৈ আছে। ইয়াৰ পিছতে শিৱসাগৰত প্ৰায় ৭১ হাজাৰ আৰু যোৰহাটত ৪০ হাজাৰতকৈ অধিক লোক এতিয়াও বানৰ কৱলত আছে। অৱশ্যে সপ্তাহটোৰ আৰম্ভণিত তিনিলাখৰো অধিক লোক বানৰ প্ৰভাৱত থকাৰ তুলনাত এতিয়া পৰিস্থিতিৰ কিছু উন্নতি হোৱা বুলি তথ্যত প্ৰকাশ পাইছে। চাৰিখন জিলাত বৰ্তমান ১১২টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ চলি আছে। এই শিবিৰসমূহত ৭৫ হাজাৰ ৫৮৩ জন স্থানচ্যুত লোকে আশ্ৰয় লৈ আছে। সেনাবাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। প্ৰায় ১৭ হাজাৰ ১৯৮.০৯ হেক্টৰ কৃষিভূমি এতিয়াও পানীৰ তলত থকাৰ লগতে একাধিক বান্ধ, পথ, দলং আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষতি হৈছে। নুমলীগড়ত ধনশিৰি নৈৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। বানৰ ফলত ৰাজ্যজুৰি প্ৰায় ২ লাখ ৯৭ হাজাৰ ঘৰচীয়া পশু-পক্ষীও ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানাক্ৰান্ত লোকসকলৰ মাজত ৯১৮.৫৫ কুইণ্টল চাউল, ২০৩.৯ কুইণ্টল দাইল, ১৪৬.৭ কুইণ্টল নিমখ আৰু ১৭ হাজাৰ ৫৪৬.৪ লিটাৰ মিঠা তেল বিতৰণ কৰা হৈছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানাক্ৰান্ত ঋণগ্ৰহীতাসকলৰ বাবে ঋণ পৰিশোধত ছমাহৰ স্থগিতাদেশ ঘোষণা কৰিছে। ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ্ছ সমিতিৰ বিশেষ বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে ঋণৰ ধৰণ অনুসৰি পৰিশোধৰ ম্যাদ সৰ্বাধিক সাত বছৰলৈ বৃদ্ধি কৰাৰ সুবিধাও বেংকসমূহক দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে, বান সাহায্য আৰু পুনৰ্বাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিশেষ আৰ্থিক পেকেজ বিচৰা হৈছে। আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলৰ সন্মুখত উজনি অসমৰ বানক “অস্বাভাৱিক, উচ্চ তীব্ৰতা আৰু দ্ৰুতগতিত সংঘটিত হোৱা দুৰ্যোগ” হিচাপে স্বীকৃতি দিয়াৰ দাবীও উত্থাপন কৰিছে ৰাজ্য চৰকাৰে। Share this:FacebookX Related Post navigation উত্তৰ-পূব ভাৰতত মহিলাৰ স্বাস্থ্যসেৱা ৰূপান্তৰিত কৰিবলৈ নেঅ’টিয়া ভাগীৰথী ৱমেন এণ্ড চাইল্ড কেয়াৰ চেন্টাৰে মুকলি কৰিলে অত্যাধুনিক ৩ডি ফ্লু’ৰেচেন্স ইমেজিং চিষ্টেম অৰুণাচলত ধাৰাসাৰ বৰষুণৰ ফলত আকস্মিক বান: ফুলবাৰী বস্তিত বান্ধ ভাঙি বান