সংসদৰ মজিয়াত বিৰোধীৰ কণ্ঠ ৰোধ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মাজত চলি থকা ৰাজনৈতিক বাকযুদ্ধই লাভ কৰিছে নতুন মোৰ। সদনৰ বাহিৰত পোনপটীয়া ৰাজহুৱা বিতৰ্কত অৱতীৰ্ণ হ’বলৈ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰত্যাহ্বান জনায় লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। নিজৰ সৈতে মুখামুখি বিতৰ্কত অৱতীৰ্ণ হোৱাৰ পিছত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰীৰ পদত বাহাল নাথাকিব বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে। ইনষ্টাগ্ৰামৰ এক বিশেষ প্রশ্নোত্তৰ অনুষ্ঠানত বিজেপিয়ে সংসদৰ মজিয়াত আলোচনা কৰাৰ কথা কোৱাৰ পিছতো কিয় ৰাজহুৱা বিতৰ্কত জোৰ দি থকা হৈছে বুলি সোধা এক প্রশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে এই প্ৰত্যাহ্বান জনায়। সদনত তেওঁক মুক্তভাৱে কথা ক’বলৈ নিদি মাইক্ৰ’ফোন বন্ধ কৰি দিয়া বুলি অভিযোগ তোলে ৰায়বেৰেলীৰ সাংসদগৰাকীয়ে। তেওঁ কয়, “কৃষি আইন, ভোট চুৰি, এছআইআৰ, চীন, জেনেৰেল নাৰাভানেৰ গ্ৰন্থ আৰু এপষ্টাইন সন্দৰ্ভত মোক সংসদত ক’বলৈ দিয়া নহ’ল। মই দীঘলীয়া ভাষণৰ পৰিৱৰ্তে এখন মেজৰ দুয়োপাৰে বহি পোনপটীয়া বিতৰ্ক হোৱাটো বিচাৰোঁ, য’ত নৰেন্দ্ৰ মোদীয়ে মোৰ বিৰুদ্ধে অভিযোগ তুলিব আৰু ময়ো তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিম।” আনকি এই মুখামুখি বিতৰ্কৰ বিচাৰক হিচাপে আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি অথবা আৰএছএছ প্ৰধান মোহন ভাগৱতক নিযুক্তি দিলেও কোনো আপত্তি নাথাকিব বুলি কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। পিছে এই পোনপটীয়া বিতৰ্কৰ পিছত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ নাথাকিব বুলি তেওঁ দৃঢ়তাৰে দাবী কৰে। ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীয়ে বিদেশী শক্তিৰ প্ৰভাৱ, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্রকৃততে দেশদ্ৰোহী কোন, সেই বিষয়সমূহক লৈ প্ৰধানমন্ত্ৰী মোদীক মুকলি বিতৰ্কৰ বাবে কেইবাবাৰো প্ৰত্যাহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীক বিশ্বাসঘাতক হিচাপে প্ৰমাণ কৰিবলৈ মাত্র পাঁচ মিনিট সময়ৰ প্ৰয়োজন হ’ব বুলিও পূৰ্বে দাবী কৰিছিল কংগ্ৰেছ সাংসদগৰাকীয়ে। শেহতীয়াকৈ ছত্তীশগড়ৰ বস্তাৰত প্ৰধানমন্ত্ৰীয়ে কৰা ‘দিমাগী নক্সাল’ মন্তব্যৰ পিছতো চিআৰপিএফ জোৱানসকলক উদ্দেশ্যি সামাজিক মাধ্যমত পোষ্ট দি ৰাহুল গান্ধীয়ে দোহাৰিছিল এই বিতৰ্কৰ প্ৰত্যাহ্বান। Share this:FacebookX Related Post navigation সাধাৰণ ৰাইজৰ মূৰত আকাশলংঘী মূল্যবৃদ্ধিৰ ৰামটাঙোন