আকাশলংঘী মূল্যবৃদ্ধিৰ জুইত এতিয়া দগ্ধ হৈছে দেশৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহ। পাকঘৰৰ জুই নুমুৱাবলৈ গৈ এতিয়া চকুপানী টুকিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। বৃহস্পতিবাৰে কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা অক্টোবৰ মাহত দেশৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৬.০৯ শতাংশলৈ বৃদ্ধি পাইছে। যোৱা ছেপ্টেম্বৰ মাহত এই হাৰ আছিল ৫.৫ শতাংশ। বিগত দুবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে মুদ্ৰাস্ফীতিয়ে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ সহনশীলতাৰ সৰ্বোচ্চ সীমা অৰ্থাৎ ৬ শতাংশ অতিক্ৰম কৰি সাধাৰণ জনতাৰ আৰ্থিক মেৰুদণ্ডত মোক্ষম আঘাত হানিছে। পৰিসংখ্যা অনুসৰি, ইয়াৰ পূৰ্বে ২০২৪ চনৰ অক্টোবৰ মাহত মুদ্ৰাস্ফীতি ৬.২১ শতাংশত উপনীত হৈছিল। ২০২৫ চনৰ অক্টোবৰত ০.০৪ শতাংশলৈ নামি অহাৰ পাছৰে পৰা একেৰাহে যোৱা ১২ মাহ ধৰি মুদ্ৰাস্ফীতিৰ এই ঊৰ্ধ্বমুখী যাত্ৰাই জনজীৱন দুৰ্বিসহ কৰি তুলিছে। বিশেষকৈ খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণৰ বাজেটত আঘাত হানিচে। ছেপ্টেম্বৰ মাহৰ ৭.৭ শতাংশৰ বিপৰীতে অক্টোবৰত খাদ্য মুদ্ৰাস্ফীতি ৮.৯ শতাংশলৈ বৃদ্ধি পাইছে। পাকঘৰৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিয়ে সকলো সীমা চেৰাই গৈছে। চৰকাৰী তথ্য মতে, অক্টোবৰ মাহত পিঁয়াজৰ মূল্যবৃদ্ধিৰ হাৰ ১১৬ শতাংশলৈ বৃদ্ধি পোৱাৰ লগতে নহৰুৰ মূল্য ৬১ শতাংশ, আদাৰ ৪৮ শতাংশ আৰু নেমুৰ মূল্য ৪৭ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। দেশৰ ৫০ লাখতকৈ অধিক জনসংখ্যা থকা ৰাজ্যসমূহৰ ভিতৰত তামিলনাডুত সৰ্বাধিক ৭.২৯ শতাংশ খুচুৰা মুদ্ৰাস্ফীতি ৰেকৰ্ড কৰা হৈছে। ইয়াৰ পাছতেই আছে ক্ৰমে তেলেংগানা (৭.২৬ শতাংশ), অন্ধ্ৰ প্ৰদেশ (৭.২৫ শতাংশ), মধ্য প্ৰদেশ (৭.১৯ শতাংশ) আৰু ওড়িশা (৭.১৭ শতাংশ)। উল্লেখযোগ্য যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক মুদ্ৰাস্ফীতি ৪ শতাংশত সীমাবদ্ধ ৰখাৰ দায়িত্ব দিয়া হৈছে, য’ত ২ৰ পৰা ৬ শতাংশ পৰ্যন্ত এক সহনশীলতাৰ সীমা নিৰ্ধাৰণ কৰা হৈছে। কিন্তু মুদ্ৰাস্ফীতিয়ে এই সীমা অতিক্ৰম কৰাৰ লগে লগে কেন্দ্ৰীয় বেংকে সূতৰ হাৰ বৃদ্ধি কৰিবলৈ বাধ্য হয়, যাৰ প্ৰত্যক্ষ বোজা পৰে ঋণগ্ৰস্ত সাধাৰণ নাগৰিকৰ ওপৰত। ইয়াৰ পূৰ্বে যোৱা ৭ অক্টোবৰত ৰিজাৰ্ভ বেংকে প্ৰায় চাৰি বছৰৰ বিৰতিৰ অন্তত ৰেপ’ ৰেট ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰি ৫.৫ শতাংশ কৰিছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পাছত এয়া আছিল কেন্দ্ৰীয় বেংকটোৰ প্ৰথমটো সূতৰ হাৰ বৃদ্ধি। এফালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ জুই-ছাই দাম আৰু আনফালে বেংকৰ ঋণৰ কিস্তি বৃদ্ধিৰ আশংকাই এতিয়া দেশৰ কোটি কোটি সাধাৰণ পৰিয়ালক এক অনিশ্চিত ভৱিষ্যতৰ দিশে ঠেলি দিছে। Share this:FacebookX Related Post navigation গুৱাহাটী পৌৰ নিগমৰ ১ নং ৱাৰ্ডলৈ গৌৰৱ কঢ়িয়াই অনা দেবস্মিতা কাশ্যপক সম্বৰ্ধনা