অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ সফলতাৰ খবৰ। ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ‘অৰিয়েণ্টেল ডাৰ্টাৰ’ (Oriental Darter) নামৰ এবিধ জলচৰ চৰাইয়ে বাহ সাজি বংশবৃদ্ধি কৰাৰ তথ্য লাভ কৰা হৈছে। বৃহস্পতিবাৰে এই কথা সদৰী কৰে বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, ২০২৫ চনৰ জুলাই মাহত কামৰূপ জিলাৰ বৰ পনৰা গাঁৱত এই বিশেষ দৃশ্য পৰ্যবেক্ষণ কৰা হৈছিল। গৱেষকসকলে অঞ্চলটোত থকা প্ৰায় ২২ মিটাৰ ওখ এডাল পুৰণি শিৰিষ গছত অৰিয়েণ্টেল ডাৰ্টাৰৰ এটা সক্ৰিয় প্ৰজনন কল’নী প্ৰত্যক্ষ কৰিছিল। উল্লেখযোগ্য যে, উক্ত গছডালত মুঠ ৯টা বাহৰ সন্ধান লাভ কৰিছিল গৱেষকসকলে। বাহকেইটা মাটিৰ পৰা প্ৰায় ১৯ মিটাৰ উচ্চতাত অৱস্থিত আছিল। আনহাতে, বাহসমূহৰ পৰা ওচৰৰ জলাশয়খনৰ দূৰত্ব আছিল প্ৰায় ১৩ মিটাৰ। সামাজিক মাধ্যমত এটা পোষ্টযোগে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই তথ্য সদৰী কৰে। অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু জলাশয়সমূহৰ বাবে এই তথ্য বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। বিশেষজ্ঞসকলৰ মতে, কোনো অঞ্চলত চৰাইৰ সফল প্ৰজননৰ তথ্য লাভ কৰাটো সেই অঞ্চলৰ পৰিৱেশ আৰু জীৱবৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। Share this:FacebookX Related Post navigation আইডিবিআই বেংকক বিশ্ব মানদণ্ডৰ বিত্তীয় সেৱা প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা ফেয়াৰফেক্সৰ আমেৰিকাৰ নিউয়ৰ্কৰ ব্ৰুকলীনত সংঘটিত হৈছে এক শোকাৱহ ঘটনা