সদ্য সমাপ্ত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ সংগীত শিল্পী তথা বিশ্ববিদ্যালয়ৰ স্নাতক তৃতীয় ছেমিষ্টাৰৰ ইংৰাজী বিভাগৰ মেধাৱী ছাত্ৰী দেবস্মিতা কাশ্যপে গুৱাহাটী পৌৰ নিগমৰ এক নম্বৰ ৱাৰ্ডলৈ বিৰল গৌৰৱ কঢ়িয়াই অনা বাবে ১১ নৱেম্বৰৰ দিনা সন্ধিয়া তেওঁক পাণ্ডু সদিলাপুৰস্থিত নিজ বাসগৃহত বিভিন্ন দল – সংগঠনে গামোচা , জাপি , মানপত্ৰ, শৰাইৰে বিপুল সম্বৰ্ধনা জনায়। সম্বৰ্ধনা জনোৱা সকলৰ ভিতৰত আছিল ক্ৰমে – পৌৰ নিগমৰ এক নম্বৰ ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সী , এক নম্বৰ ৱাৰ্ড উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক লোহিত চন্দ্ৰ দাস, সদস্য আবু বক্কৰ ছিদ্দিক, গাড়ীগাওঁ ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদক আতোৱাৰ ৰহমান, গৰীয়া যুৱ পৰিষদৰ সম্পাদক মকবুল হুছেইন, সমাজকৰ্মী আজিজুৰ ৰহমান । সম্বৰ্ধনা জনোৱাৰ সময়ত দেৱস্মিতা কাশ্যপৰ মাতৃ শান্তনা বৈশ্য বৰ্মন আৰু পৰিয়ালৰ কেবাজনো সদস্য উপস্থিত আছিল। উল্লেখ্য যে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা কালৰে পৰা সংগীত চৰ্চা অব্যাহত ৰখা দেবস্মিতা কাশ্যপে বিগত এটা দশকত বিভিন্ন সংগীত প্ৰতিযোগিতা , সাংস্কৃতিক অনুষ্ঠান আদিত সংগীত পৰিৱেশন কৰে দৰ্শক শ্ৰোতাৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ভালেমান পুৰস্কাৰ লাভ কৰি পৰিয়ালৰ লগতে বৃহত্তৰ জালুকবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁৰ পিতৃ নয়ন কুমাৰ বৰ্মণ উত্তৰ পূব সীমান্ত ৰেলৱেৰ জ্যেষ্ঠ সহায়ক হিচাপে গুৱাহাটী ৰেলৱে ষ্টেচনত কৰ্মৰত হৈ থকাৰ লগতে ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ প্ৰচাৰ গোটৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। Share this:FacebookX Related Post navigation আজাৰাৰ গড়লত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা অনুপ্ৰেৰণামূলক ভাষণ বিশিষ্ট অতিথিৰ সাধাৰণ ৰাইজৰ মূৰত আকাশলংঘী মূল্যবৃদ্ধিৰ ৰামটাঙোন