ভয়ংকৰ বান পৰিস্থিতিত ডুবিবলৈ ধৰা এজন কৃষকৰ জীৱন ৰক্ষা কৰি নিজেই প্ৰাণ উৎসৰ্গা কৰিলে এগৰাকী স্বেচ্ছাসেৱকে। বানৰ কোবাল সোঁতত উটি যোৱা ৬১ বছৰীয়া কৃষকজনক উদ্ধাৰ কৰাৰ পিছত নিজৰ গাত পিন্ধি থকা লাইফ জেকেটটো খুলি দিয়াত কৃষকজনৰ প্ৰাণ ৰক্ষা পৰে। কিন্তু কৃষকজনক সুৰক্ষিত স্থানলৈ লৈ অহাৰ প্ৰচেষ্টাৰ মাজতে প্ৰবল সোঁতে উটুৱাই নিয়ে স্বেচ্ছাসেৱক আৰ ৰাজেশক। মঙলবাৰে উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। কেৰালাৰ কান্নুৰ জিলাৰ মীন্থুল্লি দ্বীপৰ সমীপৰ কাৰিয়াংগোড নদীত পহিলা আগষ্টত সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা।

জানিব পৰা মতে, তিৰুৱনন্তপুৰমৰ কল্লিয়ুৰ নিবাসী আৰ ৰাজেশ এগৰাকী সাঁতোৰ প্ৰশিক্ষক আৰু ৰেপেলিং প্ৰশিক্ষক আছিল। কেৰালাত সংঘটিত প্ৰায় প্ৰতিটো বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ সময়তে উদ্ধাৰ অভিযানত স্বেচ্ছাসেৱক হিচাপে অংশগ্ৰহণ কৰিছিল ৰাজেশে।

১ আগষ্টত বানৰ পানীত উটি যোৱা স্থানীয় বাসিন্দা ৬১ বছৰীয়া বেনীক প্ৰথমে সুৰক্ষিতভাৱে উদ্ধাৰ কৰে ৰাজেশে। ইয়াৰ পিছতে নিজৰ গাত পিন্ধি থকা লাইফ জেকেটটো বেনীক পিন্ধাই তীৰলৈ লৈ আহিবলৈ চেষ্টা কৰে। কিন্তু নদীৰ প্ৰবল সোঁতে সেই সময়তে ৰাজেশক উটুৱাই নিয়ে। ব্যাপক অনুসন্ধানৰ অন্তত মঙলবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে।

২০১৮ চনৰ কেৰালা বানৰ সময়তো উদ্ধাৰ অভিযানত সক্ৰিয় ভূমিকা পালন কৰিছিল ৰাজেশে। ২০২৪ চনত ৱায়ানাডৰ ভূমিস্খলন দুৰ্যোগ আৰু চলিত বৰ্ষৰ বান পৰিস্থিতিতো তেওঁ স্বেচ্ছাসেৱক হিচাপে সেৱা আগবঢ়াই আহিছিল। তেওঁ পত্নী লক্ষ্মী, দুই পুত্ৰ অৰ্ষণ আৰু অভিষেকৰ লগতে পিতৃ ৰাজশেখৰণ আৰু মাতৃ গীতাক এৰি থৈ যায়।

কেৰালাৰ মুখ্যমন্ত্ৰী ভি ডি সতীশনে এই ঘটনাক গভীৰ শোকাৱহ বুলি অভিহিত কৰি ৰাজেশৰ সাহস, আত্মত্যাগ আৰু মানৱতাৰ প্ৰতি নিঃস্বাৰ্থ দায়বদ্ধতা চিৰদিন স্মৰণীয় হৈ থাকিব বুলি মন্তব্য কৰে। তেওঁ কয়, “ডুবিবলৈ ধৰা এজন লোকৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ লাইফ জেকেট এৰি দি ৰাজেশে নিজেই বানৰ পানীত প্ৰাণ হেৰুৱালে। তেওঁৰ এই আত্মত্যাগ আৰু মানৱপ্ৰেম কেতিয়াও নাপাহৰে।”

ইফালে, বিজেপি নেতা ৰাজীৱ চন্দ্ৰশেখৰেও ৰাজেশক কেৰালাৰ প্ৰকৃত নায়ক বুলি অভিহিত কৰি শোক প্ৰকাশ কৰে। ২০১৮ চনৰ বান, ২০২৪ চনৰ ৱায়ানাড দুৰ্যোগ আৰু ২০২৬ চনৰ বান- প্ৰতিটো সংকটৰ সময়তে ৰাজেশে দেখুওৱা সাহস আৰু আত্মত্যাগ কেৰালাৰ ইতিহাসত চিৰস্মৰণীয় হৈ থাকিব বুলি মন্তব্য কৰে চন্দ্ৰশেখৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *