মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই সোমবাৰে মেঘালয় বিধানসভা আৰু ৰাজ্যবাসীক আশ্বাস দিয়ে যে ১৯ আগষ্টত কেএছইউৰ বাইক ৰেলীৰ সময়ত সংঘটিত হিংসাৰ ঘটনাক চৰকাৰে গুৰুত্বসহকাৰে লৈছে আৰু দোষীক ন্যায়ৰ আওতালৈ আনিবলৈ কোনো কসুৰ বাকী নাৰাখে। শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনা স্বতঃপ্ৰণোদিত বিবৃতিত চাংমাই কয় যে চৰকাৰে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু হিংসাত জড়িতসকলক চিনাক্ত কৰি আইন অনুসৰি বিচাৰ কৰা হ’ব। তেওঁ কয় যে কেএছইউৱে ৰেলীটো শান্তিপূৰ্ণ হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে ৰেলীৰ অনুমতি দিয়া হৈছিল। কিন্তু ৰেলীৰ সময়ত হোৱা হিংসাৰ ফলত ৩১খন বাহনত শিলগুটি নিক্ষেপ আৰু পথচাৰীৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হয়, যাৰ ফলত ১৮জন লোক আহত হয়। চাংমাই কয় যে এতিয়ালৈকে ১৫টা এজাহাৰ ৰুজু কৰা হৈছে আৰু অসমৰ নম্বৰ প্লেট থকা বাহনত আক্ৰমণৰ সৈতে জড়িত বুলি অভিযোগ উঠা ৫জন মুখা পিন্ধা ব্যক্তিক চিনাক্ত কৰা হৈছে, ইয়াৰে এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। হিংসাৰ তদন্ত আৰু দোষীক শাস্তি প্ৰদান নিশ্চিত কৰিবলৈ আইন-শৃংখলাৰ আইজিৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰা হৈছে। তেওঁ লগতে কয় যে ২২ আগষ্টত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ মাজত হোৱা বৈঠকৰ পিছত অসম আৰু মেঘালয়ৰ মাজত পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হয়, যাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ চলাচল পুনৰুদ্ধাৰ হয়। আনহাতে, বিৰোধী দলৰ নেতা ডাঃ মুকুল এম চাংমাই অত্যাৱশ্যকীয় সেৱা ব্যাহত কৰাৰ বাবে দায়ী সকলো বেচৰকাৰী শক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। তেওঁ কয় যে ৰাজ্যক মুক্তিপণৰ বাবে জিম্মী কৰি ৰখাৰ অধিকাৰ কাৰো নাই আৰু এনে ঘটনাই যাতে নজিৰৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিবলৈ চৰকাৰক আহ্বান জনায়। Share this:FacebookX Related Post navigation অসম প্ৰিমিয়াৰ লীগ: গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি খিতাপ দখল বাৰপেটা ব্ৰেভছৰ