যদি ধৰ্মীয় আইন বলৱৎ হৈ থাকে, তেন্তে মহিলাসকলে কেতিয়াও সম অধিকাৰ লাভ কৰিব নোৱাৰে। সমান অধিকাৰৰ ভিত্তিত একক নাগৰিক বিধি (ইউচিচি) প্ৰৱৰ্তনৰ পোষকতা কৰি এই মন্তব্য কৰে নিৰ্বাসিত বাংলাদেশী লেখিকা তছলিমা নাছৰিনে। মঙলবাৰে পশ্চিমবংগৰ পানিহাটিত সমাজ সংস্কাৰক তথা লেখিকা বেগম ৰোকেয়াৰ সমাধিস্থলী পৰিদৰ্শন কৰিবলৈ আহি বাংলাদেশত আৱামী লীগৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰো দাবী জনায় তছলিমা নাছৰিনে।

ধৰ্মভিত্তিক ব্যক্তিগত আইন মহিলাৰ সম অধিকাৰৰ ক্ষেত্ৰত অন্যতম ডাঙৰ বাধা বুলি মন্তব্য কৰে তছলিমা নাছৰিনে। আইন ব্যৱস্থা ধৰ্মৰ পৰিৱৰ্তে সম অধিকাৰৰ নীতিত গঢ়ি তোলাৰ পোষকতা কৰি তেওঁ কয়, “ধৰ্মীয় আইন থাকিলে মহিলাসকলে কেতিয়াও সম অধিকাৰ লাভ নকৰে। সেইবাবেই সম অধিকাৰৰ ভিত্তিত একক নাগৰিক বিধি প্ৰৱৰ্তন হ’ব লাগে।”

বাংলাদেশত হিন্দু মহিলাসকলেও উত্তৰাধিকাৰকে ধৰি একাধিক ক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হয় বুলি উল্লেখ কৰে লেখিকাগৰাকীয়ে। তেওঁৰ মতে, ধৰ্মীয় ব্যক্তিগত আইনেই এই বৈষম্যৰ মূল কাৰণ। তছলিমা নাছৰিনে কয়, “বাংলাদেশৰ হিন্দু মহিলাসকলেও সম অধিকাৰ নাপায়। উত্তৰাধিকাৰকে ধৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোক বৈষম্যৰ সন্মুখীন হয়। ইউচিচি কাৰ্যকৰী হ’লে এই সকলো বৈষম্য দূৰ হ’ব।”

বিশ্বৰ অধিকাংশ উন্নত দেশত নাগৰিক আইন ধৰ্মৰ ভিত্তিত নহয়, সম অধিকাৰ আৰু মানৱ অধিকাৰৰ ভিত্তিত গঢ়ি তোলা হৈছে বুলিও উল্লেখ কৰে তছলিমা নাছৰিনে। আইন প্ৰণয়নৰ ক্ষেত্ৰত ধৰ্মক ভিত্তি নকৰাৰ পোষকতা কৰি তেওঁ কয় যে সভ্য দেশসমূহত নাগৰিক আইন ধৰ্মভিত্তিক নহয়। ব্যক্তিগত আৰু পাৰিবাৰিক আইনসমূহো সম অধিকাৰৰ নীতিতেই গঢ়ি তোলা হৈছে।

বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভতো নিজৰ মত স্পষ্ট কৰে তছলিমা নাছৰিনে। গণতন্ত্ৰৰ স্বাৰ্থত আৱামী লীগৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি শ্বেখ হাছিনাক পুনৰ ৰাজনীতিত অংশগ্ৰহণৰ সুযোগ দিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে। তছলিমা নাছৰিনে কয়, “মই গণতন্ত্ৰত বিশ্বাস কৰোঁ। আৱামী লীগৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিব লাগে আৰু শ্বেখ হাছিনাক পুনৰ ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ দিব লাগে। প্ৰতিটো ৰাজনৈতিক দলৰ ৰাজনীতি কৰাৰ সমান অধিকাৰ থাকিব লাগে।”

ইফালে ধৰ্মভিত্তিক ৰাজনীতিৰ বিৰোধিতা কৰি জামাত-ই-ইছলামীৰ সমালোচনা কৰে লেখিকাগৰাকীয়ে। দলটোৱে শ্বৰিয়ত আইন আৰু নাৰীবিৰোধী নীতিৰ সমৰ্থন কৰে বুলি অভিযোগ উত্থাপন কৰি তছলিমা নাছৰিনে কয়, “জামাত-ই-ইছলামীয়ে ক্ষমতালৈ আহিলে সংখ্যালঘুসকল নিৰাপদে জীয়াই থকাৰ অধিকাৰ নাপাব। মহিলাসকলেও মৌলিক অধিকাৰৰ পৰাও বঞ্চিত হ’ব।”

বাংলাদেশলৈ উভতি যাবলৈ এতিয়াও ইচ্ছুক বুলি উল্লেখ কৰে তছলিমা নাছৰিনে। অৱশ্যে বৰ্তমান সেই অনুমতি লাভ কৰা নাই বুলিও জানিবলৈ দিয়ে লেখিকাগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *