প্ৰথমে সহকৰ্মীক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ, তাৰ পিছতে নিজৰ অস্ত্ৰৰে আত্মহনন কৰিলে এগৰাকী চিআৰপিএফ জোৱানে। মঙলবাৰে যোৰহাট জিলাৰ কাটিমাৰিস্থিত ৩৪ নং বেটেলিয়ন চিআৰপিএফ শিবিৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। এই গুলীবৰ্ষণত নিহত হয় দুই সহকৰ্মী জোৱানো। ইফালে, কিছু সময়ৰ ব্যৱধানতে নিজৰ জীৱনো শেষ কৰে অভিযুক্ত জোৱানজনেও।

চিআৰপিএফে সদৰি কৰা প্ৰাথমিক তথ্য অনুসৰি, মূল প্ৰৱেশদ্বাৰত কৰ্তব্যৰত আছিল অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা এএছআই (জিডি) বল্লানি প্ৰেমাবৰম। কিছু সময়ৰ পাছত দায়িত্বত থকা চৰ্ভিছ অস্ত্ৰ নথকাৰ বিষয়টো পোহৰলৈ আহে। গাৰ্ড ৰূমৰ পৰা তাৰ পিছতে এটা ইনচাছ ৰাইফল সংগ্ৰহ কৰে বল্লানি প্ৰেমাবৰমে। ইয়াৰ পিছতে তেওঁ কোৱাৰ্টাৰ গাৰ্ডৰ পিছফাললৈ আগবাঢ়ি যায়। তাত উপস্থিত থকা হেড কনষ্টেবল (এইচভি/জিডি) বিষ্ণু প্ৰসাদ বাঘেলক লক্ষ্য কৰি প্ৰথম গুলীচালনা চলায় অভিযুক্ত জোৱানগৰাকীয়ে।

বল্লানি প্ৰেমাবৰমে চলোৱা গুলীত ঘটনাস্থলীতেই প্ৰাণ হেৰুৱায় হেড কনষ্টেবল বিষ্ণু প্ৰসাদ বাঘেলে। সেই সময়তে নথি-পত্ৰ পৰীক্ষাৰ বাবে শিবিৰত উপস্থিত হৈছিল এছআই (জিডি) ৰামনৱাল সিং যাদৱ। কিছু সময়ৰ ভিতৰতে যাদৱৰ ওপৰতো গুলীচালনা চলায় অভিযুক্ত জোৱানগৰাকীয়ে। সেই গুলীবৰ্ষণত গুৰুতৰভাৱে আহত হোৱা ৰামনৱাল সিং যাদৱেও ঘটনাস্থলীতেই প্ৰাণ হেৰুৱায়। ইয়াৰ পিছত বি/১৭১ বেটেলিয়নৰ এএছআই (মেন) গোবিন্দ শ্ৰীপুলক লক্ষ্য কৰি পুনৰ গুলীচালনা কৰে বল্লানি প্ৰেমাবৰমে। সেই গুলীত গুৰুতৰভাৱে আহত হয় গোবিন্দ শ্ৰীপুল।

আহত গোবিন্দ শ্ৰীপুলক তৎক্ষণাত ডিউ কেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰে সহকৰ্মী জোৱানসকলে। বৰ্তমান চিকিৎসকৰ তত্বাৱধানত চলি আছে তেওঁৰ চিকিৎসা। গুলীবৰ্ষণৰ ঘটনাৰ পিছতে বি/১৭১ বেটেলিয়নৰ বেৰেকত সোমে বল্লানি প্ৰেমাবৰম। নিজৰ হাতত থকা ইনচাছ ৰাইফলৰে নিজকে গুলীয়াই আত্মহনন কৰে অভিযুক্ত জোৱানগৰাকীয়ে। সেই গুলীৰ ফলত ঘটনাস্থলীতেই মৃত্যু হয় বল্লানি প্ৰেমাবৰমৰ।

চিআৰপিএফে মৃত তিনিজনক এছআই (জিডি) ৰামনৱাল সিং যাদৱ, হেড কনষ্টেবল বিষ্ণু প্ৰসাদ বাঘেল আৰু এএছআই (জিডি) বল্লানি প্ৰেমাবৰম বুলি চিনাক্ত কৰিছে। এই গুলীবৰ্ষণৰ নেপথ্যত কি কাৰণ আছিল, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ঘটনাটোৰ আঁৰৰ সকলো পৰিস্থিতি উদ্ঘাটনৰ লক্ষ্যৰে তদন্ত অব্যাহত ৰাখিছে চিআৰপিএফ আৰু সংশ্লিষ্ট তদন্তকাৰী সংস্থাই।

Leave a Reply

Your email address will not be published. Required fields are marked *