ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে কয় যে জীৱাশ্ম ইন্ধন হৈছে জলবায়ু সংকটৰ প্ৰধান কাৰক।
বুধবাৰে জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত ৰাষ্ট্ৰসমূহৰ বাধ্যবাধকতা সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ (ICJ) পৰামৰ্শমূলক মতামত গ্ৰহণৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে (UNGA) গ্ৰহণ কৰা এক প্ৰস্তাৱৰ সন্দৰ্ভত গুটেৰেছে কয়, “জলবায়ু ন্যায়ৰ পথ জীৱাশ্ম ইন্ধনৰ পৰা নবীকৰণযোগ্য শক্তিলৈ এক দ্ৰুত, ন্যায্য আৰু সমতাপূৰ্ণ পৰিৱৰ্তনৰ মাজেৰেহে যাব পাৰে।”
এই প্ৰস্তাৱ গ্ৰহণক আদৰণি জনাই ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে কয় যে ই “আন্তঃৰাষ্ট্ৰীয় আইন, জলবায়ু ন্যায়, বিজ্ঞান আৰু ক্ৰমবৰ্ধমান জলবায়ু সংকটৰ পৰা মানুহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ দায়িত্বৰ এক শক্তিশালী প্ৰতিফলন।”
“জলবায়ু পৰিৱৰ্তনৰ বাবে যিসকল আটাইতকৈ কম দায়ী, তেওঁলোকেই আটাইতকৈ বেছি মূল্য ভৰিবলগীয়া হৈছে,” তেওঁ কয়। “সেই অন্যায় অন্ত পৰিবই লাগিব।”
নবীকৰণযোগ্য শক্তি আটাইতকৈ সুলভ আৰু সুৰক্ষিত শক্তিৰ উৎস বুলি জোৰ দি গুটেৰেছে কয়, “আগন্তুক কৰ্তব্য স্পষ্ট— ১.৫° চেলচিয়াছৰ সীমা নিয়ন্ত্ৰণৰ ভিতৰত ৰখা আৰু সকলোৰে বাবে এক সুৰক্ষিত, অধিক ন্যায্য আৰু অধিক স্থিতিস্থাপক ভৱিষ্যত গঢ়ি তোলা।”
ইয়াৰ পূৰ্বে বুধবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে (UNGA) জলবায়ু পৰিৱৰ্তন সম্পৰ্কে ৰাষ্ট্ৰসমূহৰ বাধ্যবাধকতাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ (ICJ) পৰামৰ্শমূলক মতামতক আদৰণি জনাই খচৰা প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্ৰস্তাৱৰ সপক্ষে ১৪১ টা ভোট, বিপক্ষে ৮ টা ভোট আৰু ২৮ জনে ভোটদানৰ পৰা বিৰত থাকে বুলি ছিনহুয়া সংবাদ সংস্থাই প্ৰকাশ কৰিছে। – আইএএনএছ (IANS)

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *