চৰকাৰী ভূমি বেদখলৰ অভিযোগত অভিযুক্ত তামিলনাডুৰ ‘শাস্ত্ৰ বিশ্ববিদ্যালয়’ৰ বিৰুদ্ধে কোনো ধৰণৰ বলপূৰ্বক বা কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিবলৈ পূৰ্বে দিয়া নিৰ্দেশ সোমবাৰে বাহাল ৰাখে উচ্চতম ন্যায়ালয়ে। থাঞ্জাভুৰত ৩১.৩৭ একৰ চৰকাৰী ভূমি বেদখল সন্দৰ্ভত চলি থকা গোচৰটোত যোৱা ১৫ জানুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশ নিশ্চিত কৰি বিষয়টো চূড়ান্ত শুনানিৰ বাবে তালিকাভুক্ত কৰিছে।

মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ খণ্ডপীঠে বিশ্ববিদ্যালয়খনৰ আবেদনখন চূড়ান্ত শুনানিৰ বাবে গ্ৰহণ কৰি তামিলনাডু চৰকাৰক এই সন্দৰ্ভত নিজৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। শুনানিৰ সময়ত তামিলনাডু চৰকাৰৰ হৈ জ্যেষ্ঠ অধিবক্তা জয়দীপ গুপ্তাই আদালতক জনায় যে ৰাজ্য চৰকাৰে এই বিষয়ত কোনো আপোচমূলক মীমাংসা নিবিচাৰে আৰু নিজৰ মাটিখিনি ঘূৰাই পাব বিচাৰে। ৰাজ্য চৰকাৰে উত্তৰ দাখিল কৰাৰ পিছত শীঘ্ৰে চূড়ান্ত শুনানি গ্ৰহণৰ বাবেও তেওঁ আদালতক অনুৰোধ জনায়।

আনহাতে, শাস্ত্ৰ বিশ্ববিদ্যালয়ৰ হৈ যুক্তি দশোৱা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগী আৰু অভিষেক মনু সিঙভিয়ে কয় যে শিক্ষানুষ্ঠানখনে ইয়াৰ সলনি বিকল্প ভূমি প্ৰদান কৰিবলৈ ইচ্ছুক যদিও ৰাজ্য চৰকাৰে বিবাদটো নিষ্পত্তি কৰিব বিচৰা নাই। উল্লেখ্য যে যোৱা ২১ ছেপ্টেম্বৰতো উচ্চতম ন্যায়ালয়ে তামিলনাডু চৰকাৰক বিশ্ববিদ্যালয়খনে বেদখল কৰা বুলি অভিযোগ উঠা ৩১.৩৭ একৰ ভূমিৰ বিনিময়ত উপযুক্ত বিকল্প মাটি গ্ৰহণ কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ কৈছিল। বিবাদমান ভূমিখিনি এখন শিক্ষানুষ্ঠানে জনস্বাৰ্থত ব্যৱহাৰ কৰি থকাৰ কথা উল্লেখ কৰি উচ্ছেদ তথা ভাঙি পেলোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে দেখুওৱা গোঁড়ামিক লৈও বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰিছিল। লগতে প্ৰস্তাৱিত মুকলি কাৰাগাৰৰ বাবে আন ঠাই চিনাক্ত কৰি ইয়াৰ সমতুল্য মাটি অধিগ্ৰহণৰ ব্যয় বিশ্ববিদ্যালয়খনৰ পৰা আদায় কৰিব পাৰে বুলিও আদালতে পৰামৰ্শ দিছিল।

মন কৰিবলগীয়া যে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে যোৱা ৯ জানুৱাৰীত চৰকাৰী ভূমি আবণ্টন বা বিনিময়ৰ বাবে বিশ্ববিদ্যালয়খনে জনোৱা অনুৰোধ নাকচ কৰি শিক্ষানুষ্ঠানখনক উচ্ছেদৰ নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই শাস্ত্ৰ বিশ্ববিদ্যালয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। যোৱা ১৫ জানুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ে তামিলনাডু চৰকাৰক এই বিবাদটোক ‘সন্মানৰ প্ৰশ্ন’ হিচাপে নল’বলৈ কৈ উচ্চ ন্যায়ালয়ৰ উচ্ছেদৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছিল।

শুনানিকালত বিশ্ববিদ্যালয়খনে জনায় যে তেওঁলোকে ৰাজ্য চৰকাৰক তিনিটাকৈ বিকল্প ভূমিৰ প্ৰস্তাৱ দিছিল। প্ৰথম অৱস্থাত চৰকাৰে ৮৬.৮ একৰৰ এটা সংলগ্ন ভূমিত আগ্ৰহ দেখুৱাইছিল যদিও পিছত স্থিতি সলনি কৰে। ইয়াৰ বিপৰীতে তামিলনাডু চৰকাৰে যুক্তি দিছিল যে প্ৰস্তাৱিত বিকল্প ভূমিখিনি মূল্য আৰু যাতায়াতৰ দিশৰ পৰা বিবদমান ভূমিৰ সমতুল্য নহয়। গোচৰটো বিচাৰাধীন হৈ থকা বাবেই প্ৰস্তাৱিত মুকলি কাৰাগাৰ প্ৰকল্পটো ৰূপায়ণ কৰিব পৰা হোৱা নাই বুলিও চৰকাৰী পক্ষই আদালতক অৱগত কৰে। এতিয়া তামিলনাডু চৰকাৰে উত্তৰ দাখিল কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ে গোচৰটোৰ চূড়ান্ত শুনানি গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *