অসম চৰকাৰৰ লোক নির্মাণ পথ বিভাগে নিৰ্মাণ কৰা এটা ছয়লেনযুক্ত পথৰ দুটাকৈ লেন বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিচালনাৰ দায়িত্বত থকা আদানী গ্রুপে যোৱা জুলাই মাহৰ শেষৰ ফালে চৰকাৰৰ অস্তিত্বক ভেঙুচালি কৰি অবৈধভাৱে বেৰিকেড বহুৱাই বন্ধ কৰি দিছিল। তাৰ পাছত অঞ্চলটিৰ অঞ্চলটিৰ অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ আজাৰা শাখা আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাই শীঘ্ৰেই ৰাজহুৱা পথ মুকলি কৰি নিদিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুমকি দিয়াত যোৱা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ পাছতে আদানী গ্ৰুপে বন্ধ কৰি ৰখা পথ মুকলি কৰি দিবলৈ বাধ্য হৈছিল। কিন্তু ৰাইজে পাহৰা বুলি ভাবি শেহতীয়াকৈ আদানী গ্ৰুপে পুনৰ সেই পথত বেৰিকেড বহুৱাই বন্ধ কৰি দিয়া ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য ভাৰত চৰকাৰৰ বিমানবন্দৰ ব্যক্তিগতকৰণ কাৰ্যসূচীৰ অধীনত পূৰ্বৰে পৰা ৰাজহুৱা খণ্ডত দেশৰ অন্যতম লাভজনক বিমানবন্দৰৰ তালিকাত থকা বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো আদানী গ্রুপে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ৰ অধীনৰ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰৰণে বৰঝাৰ বিমানবন্দৰটো পৰিচালনাৰ দায়িত্ব ৫০ বছৰৰ বাবে আদানী গ্ৰুপক হস্তান্তৰ কৰে। প্ৰথমাৱস্থাত কেৱল বিমানবন্দৰটোহে আদানি গ্রুপক দিয়া হৈছিল বুলি ঘোষণা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত বিমানবন্দৰৰ সমীপত থকা বিমানবন্দৰৰ আবাসীক এলেকাৰ প্ৰায় ৯০ শতাংশ অঞ্চল আদানি গ্রুপে নিজৰ অধীনলৈ নিয়ে। ইফালে ভাৰত চৰকাৰে গুৱাহাটীলৈ বিমানৰে অহা যোৱা কৰা যাত্ৰীৰ বৰ্দ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৮ চনৰ পৰা বৰ্তমান অব্যৱহৃত হোৱা বিমানবন্দৰটোৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত নতুনকৈ এটা বিমানবন্দৰ নিৰ্মাণৰ কাম আৰম্ভকৰা হয়। নিৰ্দ্ধাৰিত লক্ষ্যতকৈ বহু পলমকৈ চলিত বৰ্ষৰ অসম বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত সেই সময়ত অৰ্দ্ধনিৰ্মিত অৱস্থাত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন বিমানবন্দৰটো মুকলি কৰে। অৱশ্যে মুকলি কৰাৰ প্ৰায় পাঁচমাহ পাছতহে নতুন বিমানবন্দৰটোৰ পৰা যোৱা জুলাই মাহৰ শেষভাগত পুৰণি বিমানবন্দৰৰ টার্মিনেলটো যাত্ৰীৰ বাবে সম্পূর্ণ বন্ধ কৰি নতুন বিমানবন্দৰৰ টার্মিনেলৰ পৰা সকলো যাত্রীবাহী বিমান সেৱা আৰম্ভ কৰা হয়। আনহাতে বিশ্বৰ অন্যতম ধুনীয়া বিমানবন্দৰৰ তালিকাত স্থান পোৱা বাঁহৰ আৰ্হিত নিৰ্মাণ কৰা বিমানবন্দৰটোৱে স্বাভাৱিকতে সকলোকে আকৰ্ষিত কৰি আহিছে। যাৰ ফলত বহুতে পথৰ দাঁতিত থকা সংৰক্ষিত স্থানত বাহন ৰখাই বিমানবন্দৰ চাবলৈ অহা পৰিলক্ষিত হৈছে। কিন্তু শেহতীয়াকৈ প্ৰায় তিনি মাহৰ পাছত আদানী গ্ৰুপে পুনৰ এছ অ এছ শিশুগ্ৰামৰ সন্মুখৰ পৰা লোৱাৰ মির্জাপুৰলৈকে দুটাকৈ লেন বন্ধ কৰাৰ সমান্তৰালকৈ সেই অংশখিনিত পথৰ মাজত থকা কেবাটাও বিভাজক তথা ডিভাইডাৰো বেৰিকেড দি বন্ধ কৰি দিছে। ফলত স্থানীয় লোকসকলৰ লগতে আন সাধাৰণ লোকসকলো পথৰ ইপাৰৰ পৰা সিপাৰলৈ যান-বাহন লৈ অহা-যোৱাৰ ক্ষেত্রত অযথা কেবা কিলোমিটাৰ অংশ ঘুৰি অহা যোৱা কৰিবলগীয়া হৈছে । কিন্তু অঞ্চলটোৰ একাংশ সচেতন লোকে অভিযোগ কৰা মতে অসম চৰকাৰে ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা পথ বেৰিকেড বহুৱাই বন্ধ কৰি স্বয়ং মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীকহে যেন প্ৰত্যাহ্বান জনোৱাৰ দৰে হৈছে । শেহতীয়াভাৱে আন এক বুবু বাবা চলিছে যে অহা কিছুদিনৰ ভিতৰত গড়লৰ পৰা ভি আই পি চকলৈকে ছয় লেনযুক্ত পথছোৱাৰ প্ৰায় ৬ কিলোমিটাৰ অংশ সম্পূর্ণ আদানী গ্রুপে নিজৰ অধীনলৈ নিব। তাৰ পাছত সেই অংশত কেবল আদানী গ্ৰুপৰহে কৰ্তৃত্ব থাকিব । তাৰ প্ৰথম পর্যায় হিচাপে নতুন টার্মিনেল ভৱনৰ সন্মুখত এটা ৰাজহুৱা পথৰ প্ৰায় দুই কিলোমিটাৰ অংশ ডিভাইডাৰসহ দুটালেন বন্ধ কৰি দিছে। যাৰ বাবে অঞ্চলটোৰ ৰাইজে তিনিমাহ পূৰ্বে আজাৰা ছাত্ৰ সন্থা, পশ্চিম গুৱাহাটী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিকে ধৰি বিভিন্ন জাতীয় দল সংগঠনে আদানী গ্রুপক পথ বন্ধ কৰাৰ পাছত যেনেকৈ হুমকি দিছিল তেনে হুমকি পুনৰ দি ডিভাইডাৰসহ অসম চৰকাৰে ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা পথ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । ইফালে আদানী গ্ৰুপে এৰোচিটী নিৰ্মাণৰ নামত বিমানবন্দৰৰ দাঁতি কাষৰীয়া অঞ্চলত কেবা হাজাৰ বিঘা মাটি তেওঁলোকক লাগে বুলি অসম চৰকাৰক কৌশলৰে হেঁচা প্ৰয়োগ কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *