গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয় চৌহদত দুদিনীয়া কাৰ্যসূচীৰে ‘বুদ্ধিদীপ্ত ভৱিষ্যৎ: কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল বিশ্বাসযোগ্যতা, বহনক্ষমতা আৰু বিশ্বব্যাপী উদ্ভাৱন’ বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয়।বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ কম্পিউটাৰ এপ্লিকেশ্বন বিভাগে আন্তঃৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠান-ভাৰতৰ সহযোগত আয়োজন কৰা এই সন্মিলনৰ আহ্বায়ক আছিল অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ এপ্লিকেশ্বন বিভাগৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক ডঃ অমিত দত্ত আৰু একেটা বিভাগৰে সহকাৰী অধ্যাপক ডঃ লাল ওমেগা বড়ো সন্মিলনত ভাৰত তথা বিদেশৰ শিক্ষাবিদ, গৱেষক, উদ্যোগ বিশেষজ্ঞ আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰি কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, ডিজিটেল বিশ্বাসযোগ্যতা, বহনক্ষম প্ৰযুক্তি, ৰবটিক্স আৰু উদীয়মান প্ৰযুক্তিৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে । সন্মিলনত অসম ডন বস্কো বিশ্ববিদ্যালয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠান-ভাৰতৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। সন্মিলনত আন্তঃৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠান-ভাৰতৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছিল বিশ্বেশ্বৰায়া প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, বেংগালুৰুৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ডঃ অশ্বিন চি গৌড়া আৰু দাভেংগেৰে বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান অধ্যয়ন বিভাগৰ অধ্যাপক ডঃ এইচ পি নাগাস্বৰূপাই । উদ্বোধনী অনুষ্ঠানত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাডাৰ ডঃ জোছ পেলেলি, সম-উপাচাৰ্য ফাডাৰ জোছেফ নেল্লানাট, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ সঞ্চালক অধ্যাপক ডঃ মনোৰঞ্জন কলিতা আৰু কম্পিউটাৰ এপ্লিকেশ্বন বিভাগৰ মুৰব্বী ডঃ শৰৎ কুমাৰ ছেত্ৰীসহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সন্মিলনৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে কলকাতাৰ জে আই এছ বিশ্ববিদ্যালয়ৰ উপ আচাৰ্য ডঃ নীৰজ ছাক্সেনাই । অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক হিতেন চৌধুৰী আৰু দাভেংগেৰে বিশ্ববিদ্যালয়ৰ ডঃ এইচ পি. নাগাস্বৰূপাইও ভাষণ প্ৰদান কৰে । অনুষ্ঠানত বুদ্ধিদীপ্ত ভৱিষ্যৎ: কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল বিশ্বাসযোগ্যতা, বহনক্ষমতা আৰু বিশ্বব্যাপী উদ্ভাৱনৰ গৱেষণা-সাৰাংশ সংকলন উন্মোচন কৰা হয় । ১৮ নৱেম্বৰত শিক্ষা, গৱেষণা, নেতৃত্ব, উদ্ভাৱন, পেছাগত উৎকৃষ্টতা আৰু সমাজসেৱাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক সন্মানিত কৰা হয় । সন্মিলনৰ কাৰিকৰী কাৰ্যসূচীত দুয়োটা দিনত অনলাইন আৰু অফলাইন মিলি ১৫টা কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয় আৰু ১০০ৰো অধিক গৱেষণা পত্ৰ উপস্থাপন কৰা হয় । আনহাতে ১৯ নৱেম্বৰত বিয়লি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *