আত্মজীৱনীমূলক গ্ৰন্থত স্বাধীনতা সংগ্ৰামী বিনায়ক দামোদৰ সাৱৰকাৰৰ ভাৱমূৰ্তি বিকৃত কৰাৰ অভিযোগ তুলি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ আইনী জাননী প্ৰেৰণ কৰিছে সাৱৰকাৰৰ নাতিয়েক সাত্যকি সাৱৰকাৰে। ছোনিয়া গান্ধীৰ সদ্যপ্ৰকাশিত ‘বিলঙিংঃ এ জাৰ্ণি অৱ লাভ’ শীৰ্ষক গ্ৰন্থখনত থকা আপত্তিজনক মন্তব্য সংশোধন কৰাৰ লগতে ১৫ দিনৰ ভিতৰত বিনাচৰ্তে ক্ষমা খুজিবলৈ দাবী জনাইছে সাত্যকি সাৱৰকাৰে। এই দাবী নামানিলে আদালতৰ দ্বাৰস্থ হোৱাৰো সকীয়নি দিয়ে সাৱৰকাৰৰ নাতিয়েকে।

অধিবক্তা সংগ্ৰাম কোলহাটকাৰৰ জৰিয়তে প্ৰেৰণ কৰা এই জাননীখনত গ্ৰন্থখনৰ ২০১ আৰু ৪৪৩ নম্বৰ পৃষ্ঠাত থকা তথ্যসমূহক ঐতিহাসিকভাৱে বিভ্ৰান্তিকৰ তথা ভিত্তিহীন বুলি অভিহিত কৰে সাত্যকি সাৱৰকাৰে। গ্ৰন্থখনৰ ২০১ নম্বৰ পৃষ্ঠাত ছোনিয়া গান্ধীয়ে লিখিছে যে কংগ্ৰেছৰ স্বাধীনতা সংগ্ৰামীসকলে ব্ৰিটিছ শাসকৰ অত্যাচাৰ আৰু কাৰাবাস ভোগ কৰি থকাৰ সময়তে বিনায়ক দামোদৰ সাৱৰকাৰৰ দৰে আৰএছএছৰ জ্যেষ্ঠ তাত্ত্বিকসকলে ঔপনিৱেশিক শাসকক ক্ষমা ভিক্ষা কৰি আবেদন লিখিছিল। আনকি তেওঁলোকৰ সদস্যসকলে গুপ্তচৰ হিচাপে ব্ৰিটিছ কৰ্তৃপক্ষক সহযোগ কৰিছিল বুলিও ছোনিয়া গান্ধীয়ে গ্ৰন্থখনত উল্লেখ কৰে।

কংগ্ৰেছ নেত্ৰীগৰাকীৰ এই মন্তব্যই ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকলৰ বিৰুদ্ধে সাৱৰকাৰে ব্ৰিটিছক সহায় কৰা বুলি এক ভুল ধাৰণাৰ সৃষ্টি কৰা বুলি অভিযোগ তোলে সাত্যকি সাৱৰকাৰে। তেওঁ উল্লেখ কৰে যে আন্দামানৰ চেলুলাৰ জেইলত সাৱৰকাৰে সুদীৰ্ঘ কাল কাৰাবাস খাটি কঠোৰ নিৰ্যাতন ভোগ কৰিছিল; কিন্তু সেই ঐতিহাসিক পটভূমি সম্পূর্ণৰূপে উপেক্ষা কৰি ছোনিয়া গান্ধীয়ে সাৱৰকাৰৰ জীৱন আৰু ৰাজনৈতিক সংগ্ৰামৰ এক অসম্পূৰ্ণ তথা বিকৃত ছবি দাঙি ধৰিছে।

আনহাতে, গ্ৰন্থখনৰ ৪৪৩ নম্বৰ পৃষ্ঠাত সাৱৰকাৰক হিন্দুত্ববাদী মতাদৰ্শৰ প্ৰতিষ্ঠাপক হিচাপে উল্লেখ কৰি তেওঁ ভাৰতক কেৱল হিন্দুসকলৰ আধিপত্য থকা ৰাষ্ট্ৰ হিচাপে গণ্য কৰিছিল বুলি কৰা মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰে সাত্যকিয়ে। এই দুয়োটা মন্তব্যই পাঠকক বিপথে পৰিচালিত কৰাৰ লগতে সাৱৰকাৰৰ ঐতিহ্যক ম্লান কৰা বুলি তেওঁ জাননীখনত ক্ষোভ উজাৰে।

ইফালে, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কাৰ্যকালত সাৱৰকাৰক এজন দেশভক্ত আৰু স্বাধীনতা সংগ্ৰামী হিচাপে দিয়া স্বীকৃতিৰ কথাও ছোনিয়া গান্ধীক সোঁৱৰাই দিয়ে সাত্যকি সাৱৰকাৰে। ইন্দিৰা গান্ধীৰ চৰকাৰে সাৱৰকাৰৰ সন্মানত স্মাৰক ডাকটিকট প্ৰকাশ কৰাৰ উপৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত বেংক একাউণ্টৰ পৰা ‘স্বতন্ত্ৰ্যবীৰ সাৱৰকাৰ ৰাষ্ট্ৰীয় স্মাৰক’লৈ ১১,০০০ টকাৰ অনুদান আগবঢ়াইছিল। ইন্দিৰা গান্ধীৰ সেই স্বীকৃতিৰ সৈতে ছোনিয়া গান্ধীয়ে নিজৰ গ্ৰন্থত উল্লেখ কৰা কথাবোৰ কিদৰে মিলাব পাৰি বুলি পোনপটীয়া প্ৰশ্ন তোলে সাত্যকি সাৱৰকাৰে।

হাৰ্পাৰকলিন্স পাব্লিচাৰ্ছ ইণ্ডিয়াই যোৱা ১০ নৱেম্বৰত প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনৰ পৰৱৰ্তী সংস্কৰণ, পুনৰ মুদ্ৰণ আৰু ইলেকট্ৰনিক সংস্কৰণৰ পৰা আপত্তিজনক মন্তব্যসমূহ প্ৰত্যাহাৰ বা সংশোধন কৰিবলৈ দাবী জনাইছে সাৱৰকাৰৰ নাতিয়েকে। লগতে সাৱৰকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ ঐতিহাসিক প্ৰমাণ দাঙি ধৰিবলৈ অথবা লিখিতভাৱে বিনাচৰ্তে ক্ষমা খুজিবলৈ ছোনিয়া গান্ধীক ১৫ দিনৰ সময়সীমা বান্ধি দিয়ে সাত্যকি সাৱৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *