অসমৰ প্ৰাকৃতিক সম্পদে পুনৰ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে। প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এক আনন্দৰ খবৰ । হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সমীপত আৱিষ্কাৰ হৈছে এবিধ নতুন ক্ষুদ্ৰ মথ প্ৰজাতি। এই কথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰিছে। তেওঁ লিখিছে𝑮𝒍𝒚𝒑𝒉𝒊𝒑𝒕𝒆𝒓𝒊𝒙 𝒃𝒓𝒆𝒗𝒊𝒎𝒖𝒄𝒓𝒐𝒏𝒂𝒕𝒂 নামেৰে নামকৰণ কৰা এই নতুন প্ৰজাতিটোৰ আৱিষ্কাৰে প্ৰায় এটা শতিকাৰ পাছত ভাৰতত প্ৰথমবাৰৰ বাবে ছেজ মথ (Sedge Moth) পৰিয়ালৰ নতুন সংযোজন ঘটালে। এই আৱিষ্কাৰে পুনৰ প্ৰমাণ কৰিলে যে অসমৰ চহকী প্ৰাকৃতিক পৰিৱেশত এতিয়াও বহু বিস্ময়কৰ ৰহস্য আৰু জীৱবৈচিত্ৰ্য আৱিষ্কাৰৰ অপেক্ষাত আছে।” Share this:FacebookX Related Post navigation শ্বিলং ৰোপৱে প্ৰকল্পক লৈ মেঘালয়ত তীব্ৰ ৰাজনৈতিক আৰু ৰাজহুৱা বিভাজন